কাজিৰঙাত ESZৰ পৰিসৰ শূন্য কৰাৰ দাবীত প্ৰতিবাদ
হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ স্থানীয় ৰাইজৰ প্ৰতিবাদী সমদল, গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ
চন্দন বৰা,বোকাখাত, ১৮ আগষ্ট: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো-ছেনছিটিভ জ’ন (ESZ)ৰ পৰিসৰ শূন্য কৰাৰ দাবীত আজি কাজিৰঙাত স্থানীয় ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। কুঠাৰীৰ পৰা হালধিবাৰী অভিমুখে উলিওৱা প্ৰতিবাদী সমদলত বহু সংখ্যক স্থানীয় লোক হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ অংশগ্ৰহণ কৰে আৰু ESZ সম্পৰ্কীয় বাধা-নিষেধৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে।
স্থানীয় ৰাইজৰ দাবী কাজিৰঙাৰ সংৰক্ষণৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন আৰু সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ স্বাৰ্থতো ESZৰ পৰিসৰ অধিক হ্ৰাস কৰি শূন্য দূৰত্বত নিৰ্ধাৰণ কৰা উচিত। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ESZৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায়।
উল্লেখ্য যে কাজিৰঙাৰ ESZক লৈ বৰ্তমান ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে কাজিৰঙাৰ চাৰিওফালে বৰ্তমান প্ৰযোজ্য ১০ কিলোমিটাৰৰ ডিফল্ট ESZৰ পৰিৱৰ্তে স্থানভেদে ১ৰ পৰা ৩ কিলোমিটাৰলৈ ESZ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াক অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত থকা জটিলতা হ্ৰাস কৰাৰ পদক্ষেপ হিচাপে ব্যাখ্যা কৰিছে।
ইফালে, কালি অসম প্ৰদেশ কংগ্ৰেছে কাজিৰঙাৰ ESZ হ্ৰাস কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কংগ্ৰেছ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কংগ্ৰেছৰ অভিযোগ, ESZ হ্ৰাসৰ জৰিয়তে কাজিৰঙাৰ সংবেদনশীল পৰিৱেশত বৃহৎ ব্যৱসায়িক তথা খননমূলক কাৰ্যকলাপৰ পথ প্ৰশস্ত হ’ব পাৰে।
কিন্তু কংগ্ৰেছৰ এই প্ৰতিবাদৰ পিছদিনাই স্থানীয় ৰাইজৰ একাংশই গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দিয়ে। প্ৰতিবাদস্থলীত ‘গৌৰৱ গগৈ মুৰ্দাবাদ’ ধ্বনিৰে পৰিৱেশ উত্তাল হৈ পৰে বুলি স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰিছে।
আনহাতে, কাজিৰঙাৰ ESZ সন্দৰ্ভত আইনী দিশটোও গুৰুত্বপূৰ্ণ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২০২৬ চনৰ মাৰ্চ মাহৰ ৰায় অনুসৰি, কাজিৰঙাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা চূড়ান্ত ESZ অধিসূচনা বা খচৰা কেন্দ্ৰীয় চৰকাৰলৈ দাখিল নোহোৱালৈকে ১০ কিলোমিটাৰৰ ডিফল্ট ESZ ব্যৱস্থা কাৰ্যকৰী হৈ আছে।
সেয়ে, কাজিৰঙাক লৈ একাংশ স্থানীয় ৰাইজে ‘উন্নয়ন আৰু জনজীৱনৰ স্বাৰ্থত ESZ শূন্য’ কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে পৰিৱেশ সংৰক্ষণৰ পক্ষৰ পৰা ESZ হ্ৰাসে বন্যপ্ৰাণী আৰু কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ পেলাব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে। বিষয়টোৱে এতিয়া কাজিৰঙাত ৰাজনৈতিক আৰু সামাজিক দুয়োটা ক্ষেত্ৰতে ব্যাপক চৰ্চা লাভ কৰিছে।
Post a Comment