বোকাখাতত কাজিৰঙাৰ ESZৰ সীমা নিৰ্ধাৰণক লৈ সংগঠনৰ সংবাদ মেল:

কাজিৰঙাৰ ESZৰ সীমা নিৰ্ধাৰণক লৈ সংগঠনৰ সংবাদ মেল

স্থানীয় ৰাইজৰ মতামত লৈহে সীমা নিৰ্ধাৰণৰ দাবী, মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি

বোকাখাতৰ প্ৰতিবেদক, আজিৰ কণ্ঠ, ১৮ আগষ্ট: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক’ চেনছিটিভ জ’ন (ESZ)ৰ পৰিসৰ হ্ৰাসক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে বোকাখাতত কেইবাটাও জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠন আৰু পৰিৱেশ সুৰক্ষা সংগঠনে সংবাদ মেল অনুষ্ঠিত কৰি বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।


বোকাখাত জিলা সমিতি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত সংবাদ মেলত সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতি, গোখাঁ ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, আটছাৰ বোকাখাত শাখা সমিতি, কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতি তথা আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাতৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

সংবাদ মেলৰ আৰম্ভণিতে সংগঠনসমূহে মুখ্যমন্ত্ৰীৰ ESZ সম্পৰ্কীয় পদক্ষেপক আদৰণি জনায়। সংগঠনসমূহে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰি ৰখাৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা হাজাৰ হাজাৰ লোকৰ জীৱন-জীৱিকা, কৃষি, বসতি আৰু উন্নয়নৰ বিষয়টোও সমানে বিবেচনা কৰা প্ৰয়োজন।

সংবাদ মেলত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ উপদেষ্টা বিপুল বৰাই কয় যে কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয়; ইয়াৰ সৈতে দাঁতিকাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ মানুহৰ জীৱন-জীৱিকা আৰু স্থানীয় অৰ্থনীতি ওতপ্ৰোতভাৱে জড়িত। সেয়েহে সংৰক্ষণৰ নামত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন আৰু উন্নয়নত অযথা বাধা সৃষ্টি কৰা উচিত নহয়।

একেদৰে উন্নয়নৰ নামত কাজিৰঙাৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ বাসস্থান যাতে ক্ষতিগ্ৰস্ত নহয়, সেই বিষয়টোও নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে।

বিপুল বৰাই লগতে কয়, “কাজিৰঙা সুৰক্ষিত হৈ থাকিব লাগিব আৰু একে সময়তে কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজৰ জীৱন-জীৱিকাও সুৰক্ষিত থাকিব লাগিব। সংৰক্ষণ আৰু উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষা কৰিহে আগন্তুক দিনত ESZৰ সীমা নিৰ্ধাৰণ কৰিব লাগিব।”

ইফালে কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি তথা সদৌ অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই কয় যে কাজিৰঙাৰ ESZৰ সীমা নিৰ্ধাৰণ কেৱল দূৰৈত বহি লোৱা সিদ্ধান্তৰ ভিত্তিত কৰা উচিত নহয়। কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাস্তৱ পৰিস্থিতি বুজিবলৈ চৰকাৰে ক্ষেত্ৰভিত্তিক আৰু বৈজ্ঞানিক সমীক্ষা চলাব লাগে।

তেওঁ স্থানীয় ৰাইজ, কৃষক, ভূমি ব্যৱহাৰকাৰী, গাঁওবাসী, দল-সংগঠন আৰু সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰাৰ দাবী জনায়।

সংবাদ মেলৰ জৰিয়তে সংগঠনসমূহে ESZৰ চূড়ান্ত সীমা নিৰ্ধাৰণৰ পূৰ্বে কেইবাটাও বিষয় বিবেচনা কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ ভিতৰত স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সৈতে আলোচনা, বৈজ্ঞানিক আৰু ক্ষেত্ৰভিত্তিক সমীক্ষা, বন্যপ্ৰাণীৰ বিচৰণ পথ আৰু পৰিৱেশগত গুৰুত্ব, স্থানীয় জনজীৱন আৰু কৃষিৰ স্বাৰ্থ তথা অঞ্চলটোৰ উন্নয়নমূলক প্ৰয়োজনীয়তা অন্যতম।

সংগঠনসমূহে কয় যে সকলো পক্ষৰ মতামত আৰু বৈজ্ঞানিক তথ্যৰ ভিত্তিতহে ESZৰ চূড়ান্ত সীমা নিৰ্ধাৰণ কৰা উচিত।

আনহাতে, বিষয়টো সম্পূৰ্ণৰূপে অধ্যয়ন নকৰাকৈ কেৱল টেলিভিছনৰ টক্‌ শ্ব’ অথবা ৰাজহুৱা মঞ্চত বিতৰ্ক সৃষ্টি কৰা লোকসকলকো সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে সংগঠনসমূহে। তেওঁলোকৰ মতে, ESZ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়। সেয়েহে চৰকাৰী নথি, পৰিৱেশ আইন আৰু সংশ্লিষ্ট আইনী দিশসমূহ ভালদৰে অধ্যয়ন নকৰাকৈ কোনো ধৰণৰ মন্তব্য কৰা উচিত নহয়।

কাজিৰঙাৰ দৰে বিশ্বখ্যাত পৰিৱেশগত সম্পদক লৈ ৰাজনীতি নকৰি তথ্য, বৈজ্ঞানিক যুক্তি আৰু বাস্তৱ পৰিস্থিতিৰ ভিত্তিত আলোচনা কৰাৰ বাবেও সংগঠনসমূহে আহ্বান জনায়।

সংবাদ মেলত সংগঠনসমূহে স্পষ্ট কৰি দিয়ে যে কাজিৰঙাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নালাগে। একে সময়তে সংৰক্ষণৰ নামত দাঁতিকাষৰীয়া অঞ্চলৰ সাধাৰণ ৰাইজৰ উন্নয়ন, জীৱন-জীৱিকা আৰু অধিকাৰো বাধাগ্ৰস্ত হ’ব নালাগে।

সেয়েহে উন্নয়নৰ নামত কাজিৰঙাৰ পৰিৱেশৰ ক্ষতি নকৰাকৈ আৰু সংৰক্ষণৰ নামত স্থানীয় ৰাইজৰ উন্নয়নৰ পথ ৰুদ্ধ নকৰাকৈ—দুয়োটা দিশৰ মাজত সুসমন্বিত ভাৰসাম্য ৰক্ষা কৰাটোৱেই ESZ নিৰ্ধাৰণৰ ক্ষেত্ৰত আগন্তুক দিনৰ মূল লক্ষ্য হোৱা উচিত বুলি সংগঠনসমূহে মত প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post