বোকাখাতৰ কুৰুৱাবাহীৰ পৰা বহিঃৰাজ্যলৈ ৪০০ টন ৰঙালাও প্ৰেৰণ লক্ষ্য
নিজৰ গাঁঠিৰ ধনেৰে স্বাৱলম্বী চিনাকান গাঁৱৰ দুই উদীয়মান কৃষক দিলীপ আৰু বিদ্যুৎ
কুৰুৱাবাহীৰ পৰা পল্লৱ হাজৰিকা প্ৰতিবেদন
আজিৰ কণ্ঠ, ২১ মাৰ্চ: নিজৰ কৰ্মনিষ্ঠাৰ বলত এক বিৰল নিদৰ্শন দাঙি ধৰিছে বোকাখাত সমজিলাৰ কুৰুৱাবাহী চিনাকান গাঁৱৰ দুজন উদীয়মান কৃষক দিলীপ হাজৰিকা আৰু বিদ্যুৎ বৰাই। চলিত বৰ্ষত এই দুই কৃষকে নিজৰ পথাৰত উৎপাদিত প্ৰায় ৪০০ টন ৰঙালাও পশ্চিমবংগৰ কলকাতালৈ প্ৰেৰণ কৰাৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰিছে।
ধনশিৰি নদীৰ সমীপৱৰ্তী উৰ্বৰা ভূমি চিনাকান গাঁৱৰ এই দুই উদ্যমী কৃষকে জানিবলৈ দিয়া মতে, তেওঁলোকে সম্পূৰ্ণ একক প্ৰচেষ্টাত চলিত বৰ্ষত প্ৰায় ৬৫ বিঘা ভূমিত ৰঙালাওৰ খেতি কৰিছে। আজি প্ৰথম পৰ্যায়ত প্ৰতি কিলোগ্ৰামত ১৩ টকা দৰত ৩০ টন ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণৰ বাবে সাজু কৰি তোলা হৈছে। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে মুঠ ৪০০ টন ৰঙালাও প্ৰেৰণ কৰা হ’ব।
কৃষি বিভাগৰ উদাসীনতা আৰু কৃষকৰ ক্ষোভ:
লক্ষণীয় যে, ৰাজ্যৰ কৃষি মন্ত্ৰী গৰাকীৰ নিজা সমষ্টি হোৱা সত্বেও এইসকল কৃষকে কৃষি বিভাগৰ পৰা কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই। কৃষক বিদ্যুৎ বৰাই ক্ষোভেৰে কয়— "আমি সম্পূৰ্ণ নিজা খৰচত '১৩৭' জাতৰ বৰ্ণসংকৰ বীজ, সাৰ, কীটনাশক আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰি এই খেতি কৰিছোঁ। মন্ত্ৰীগৰাকী আমাৰ বিধায়ক হোৱাৰ পাছতো আমাৰ কৃষিক্ষেত্ৰলৈ তেখেতে এবাৰো ভূমুকি মৰা নাই। পথাৰত চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা নথকাত আমি নিজাকৈ পানীৰ যোগান ধৰিবলগীয়া হৈছে, যাৰ ফলত ব্যয় অধিক হৈছে।" কেৱল সেয়াই নহয়, বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ তেওঁলোকে ২০ হাজাৰৰো অধিক টকা ব্যয় কৰি সৌৰশক্তি চালিত তাঁৰৰ বেৰাৰ ব্যৱস্থা কৰিছে। অভিযোগ অনুসৰি, কৃষি বিভাগে কেৱল একাংশ দলীয় আনুগত্য থকা লোককহে সা-সুবিধা প্ৰদান কৰি আহিছে। বিপৰীতে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ণ পুঁজিৰ পৰা কৃষকে যি সামান্য সহায় পাইছে, তাৰেই কোনোমতে কাম চলাই নিছে।
এনে প্ৰতিকূল পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ মাজতো দিলীপ হাজৰিকা আৰু বিদ্যুৎ বৰাই যি সাহস আৰু উদ্যমেৰে কৃষিকৰ্মত বৰ্তী হৈছে, সেয়া আন দহজনৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। এতিয়া প্ৰশ্ন হয়, চৰকাৰী আঁচনিৰ ঢাক-ঢোল বজোৱা কৃষি বিভাগে ভৱিষ্যতে এইসকল প্ৰকৃত কষ্টসহিষ্ণু কৃষকক সহায়ৰ হাত আগবঢ়াবনে?
Post a Comment