লোক-সংস্কৃতিৰ নিৰলস সাধক, কিন্তু স্বীকৃতিৰ পৰা বঞ্চিত দেবেন গগৈ:
ঢোলৰ গুমগুমণিত বিলীন যাৰ জীৱন:
◾বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন:৩১ মাৰ্চ:
◾অসমৰ সাংস্কৃতিক মানচিত্ৰত বোকাখাতৰ কুৰুৱাবাহীৰ এক সুকীয়া পৰিচয় আছে। বিহু হুচৰি, বিহুনাম আৰু ঢুলীয়া ওজা শিল্পৰ বাবে প্ৰসিদ্ধ এই অঞ্চলটোৰে খটিয়াখলী গাঁৱৰ এজন নিৰলস সাধক হ’ল বিশিষ্ট ঢুলীয়া ওজা দেবেন গগৈ। ১৯৭০ চনত জন্মগ্ৰহণ কৰা গগৈয়ে ছাত্ৰ অৱস্থাৰ পৰাই ঢোল বাদ্যৰ প্ৰতি আকৰ্ষিত হৈ কুৰুৱাবাহীৰ বিশিষ্ট ঢুলীয়া ওজা শলীয়া ওজা আৰু ধনেশ্বৰ শইকীয়াক গুৰু মানি এই শিল্পৰ সাধনাত ব্ৰতী হৈছিল। আজিৰ দিনত তেওঁ কেৱল এজন পাকৈত ঢুলীয়া ওজাই নহয়, বৰঞ্চ এগৰাকী দক্ষ প্ৰশিক্ষক হিচাপেও সমাদৃত।
পেশাগতভাৱে কৃষিকৰ্মক জীৱিকা হিচাপে গ্ৰহণ কৰিও দেবেন গগৈয়ে ঢোল বাদ্যক বিজ্ঞানসন্মতভাৱে নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। ভাৰতীয় গণ নাট্য সংঘৰ এজন একনিষ্ঠ কৰ্মী হিচাপে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত ঢোল বাদ্য পৰিৱেশন কৰি অসমীয়া লোক-সংস্কৃতিৰ গৌৰৱ বৃদ্ধি কৰিছে। তেওঁৰ সৰল ব্যক্তিত্বৰ এক অনন্য নিদৰ্শন হ’ল যে এজন প্ৰতিষ্ঠিত ওজা হোৱাৰ পিছতো আজিও তেওঁ নিজ গুৰু ধনেশ্বৰ শইকীয়াৰ লগত পালী হিচাপে অনুষ্ঠান পৰিৱেশন কৰি শ্ৰদ্ধা আৰু বিনম্ৰতাৰ পৰিচয় দি আহিছে।
কেৱল ঢোল বাদনেই নহয়, বিলুপ্তপ্ৰায় লোকবাদ্যসমূহৰ সংৰক্ষণ আৰু নিৰ্মাণৰ ক্ষেত্ৰতো দেবেন গগৈ এগৰাকী নিপুণ কাৰিকৰ। তেওঁ আক্ষেপেৰে কয়, "অসমৰ বহু লোকবাদ্য হেৰাই গ’ল। ভিতৰুৱা গাঁওসমুহত থকা চহা শিল্পীসকলৰ সন্ধান সময় থাকোতেই কৰিব নোৱাৰিলে আমি আৰু বহুত কিবা হেৰুৱাব লাগিব, ইয়াৰ বাবে গৱেষণাধৰ্মী অধ্যয়ন অতি প্ৰয়োজন হৈ উঠিছে"। বৰ্তমান তেওঁৰ তত্ত্বাৱধানত শতাধিক শিশু আৰু চেমনীয়াই ঢোল বাদনৰ শিক্ষা গ্ৰহণ কৰি আছে। নতুন প্ৰজন্মৰ প্ৰতিভাৰ ওপৰত বিশ্বাস ৰাখি তেওঁ কয় ,"সঠিক মনস্তাত্বিক অধ্যয়ন আৰু প্ৰশিক্ষণৰ অভাৱৰ বাবেহে আমি বহু প্ৰতিভাক সঠিক গতিপথ দিব পৰা নাই"। উল্লেখ্য যে, ২০০৪ আৰু ২০১২ চনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ স্বনামধন্য ওজাসকলে উলিউৱা "বাটৰ ঢুলীয়া" শীৰ্ষক এটি বৰ্ষজোৰা চাইকেল ৰেলীতো অংশ লৈছিল শিল্পী গৰাকীয়ে য'ত ঢোল বাদ্যক জনমুখী কৰি তুলিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছিল।
দুৰ্ভাগ্যজনকভাৱে, অসমীয়া সংস্কৃতিলৈ ইমান অৱদান আগবঢাই থকাৰ পিছতো এইগৰাকী শিল্পী আজিও চৰকাৰী শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ উপৰি, বোকাখাত সমষ্টিৰ প্ৰতিনিধি তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজকে জাতীয়তাবাদী নেতা বুলি পৰিচয় দি আহিছে যদিও যোৱা দহ বছৰত তেওঁৰ সমষ্টিৰ এনে শিল্পীসকলৰ উত্তৰণৰ বাবে কোনো স্থায়ী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মন্ত্ৰীগৰাকীয়ে কেৱল বিভিন্ন সভা-সমিতিত উপদেষ্টা বা উন্মোচকৰ আসন অলংকৃত কৰি সাময়িক সাহাৰ্য প্ৰদান কৰিয়েই দায়িত্ব সামৰা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। নিজ পুত্ৰ দেৱজিৎ গগৈকো এগৰাকী নিপুণ ঢুলীয়া হিচাপে গঢ়ি তোলা দেবেন গগৈৰ দৰে নিৰলস সাধকক যোগ্য মৰ্যাদা প্ৰদান কৰাটো নিশ্চিত ভাৱেই এতিয়া সময়ৰ আহ্বান
Post a Comment