শাৰীৰিক প্ৰত্যাহ্বানক নেওচি বনগাঁৱৰ হিমাদ্ৰীৰ গৌৰৱোজ্জ্বল সাফল্য:

শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হিমাদ্ৰীৰ গৌৰৱোজ্জ্বল সাফল্য: উচ্চ শিক্ষাৰ বাবে এতিয়া দুৰ্ঘোৰ আৰ্থিক নাটনি
আজিৰ কণ্ঠ, কমাৰগাঁও, ২৮ এপ্ৰিল:
অদম্য ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ আগত যে শাৰীৰিক প্ৰতিবন্ধকতা হাৰ মানিবলৈ বাধ্য, তাকেই প্ৰমাণ কৰি দেখুৱালে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বনগাঁৱৰ নিৰ্বাসী দীপক বৰা আৰু পমী বৰাৰ জ্যেষ্ঠ কণ্যা কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হিমাদ্ৰী বৰাই। আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত হিমদ্ৰীয়ে অভিলেখ সংখ্যক চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৪১২ নম্বৰ লাভ কৰি সগৌৰৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। কিন্তু এই আনন্দৰ মাজতো এতিয়া ছাত্ৰীগৰাকীৰ পৰিয়ালটোলৈ নামি আহিছে অনিশ্চয়তাৰ কলা ডাৱৰ। কাৰণ শাৰীৰিকভাৱে সক্ষম হিমাদ্ৰীৰ বাবে বিদ্যালয়লৈ যোৱাৰ পথটো কেতিয়াও মসৃণ নাছিলএখন হুইল চেয়াৰত বহু কষ্টৰে মাতৃ  তেওঁক নিতৌ বিদ্যালয়লৈ অনা-নিয়া কৰিছিল। আনহাতে, পিতৃয়ে দিন-হাজিৰা কৰি অতি কষ্টেৰে ঘৰখন চলোৱাৰ লগতে হিমাদ্ৰীৰ পঢ়া-শুনাৰ খৰচ বহন কৰি আহিছে। দৰিদ্ৰতাক নেওচি কেৱল মাত্ৰ মনোবলৰ জোৰতে হিমাদ্ৰীয়ে আজি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
হিমাদ্ৰীৰ সপোন এতিয়া আকাশচুম্বী। তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে শিক্ষয়িত্ৰী হিচাপে সমাজৰ বাবে কাম কৰিব বিচাৰে। কিন্তু দৰিদ্ৰ পিতৃ-মাতৃৰ বাবে এতিয়া তেওঁৰ উচ্চ শিক্ষাৰ খৰচ বহন কৰাটো এক দুৰূহ কাম হৈ পৰিছে। দিন-হাজিৰা কৰি পোৱা সামান্য ধনেৰে পৰিয়ালটো চলিবনে হিমাদ্ৰীৰ সপোন পূৰণ হ'ব, তাক লৈ চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ।
হিমাদ্ৰীৰ পিতৃ-মাতৃয়ে অতি দুখেৰে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা সমাজৰ সুহৃদয় লোকসকলৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে। তেওঁলোকে কয়, "আমাৰ ছোৱালীজনীয়ে কষ্ট কৰি পঢ়িব বিচাৰিছে, কিন্তু আমাৰ হাতত তাইক আগুৱাই নিবলৈ টকা নাই। কোনোবাই যদি অলপ সহায় কৰে, তেন্তে তাইৰ সপোনটো আধৰুৱা হৈ নাথাকিব।"
এগৰাকী মেধাৱী ছাত্ৰীৰ সপোন যেন আৰ্থিক অভাৱৰ বাবে অকালতে মৰহি নাযায়, তাৰ বাবে এতিয়া আশাৰে বাট চাইছে সমগ্ৰ কমাৰগাঁও লগতে বনগাঁৱৰ সচেতন ৰাইজে।

Post a Comment

Previous Post Next Post