চৰকাৰী বিদ্যালয়ৰ গৌৰৱময় সাফল্য : কমাৰগাঁও এইচ.এছ. পৰীক্ষা কেন্দ্ৰত ৯৭.৩৩% উত্তীৰ্ণ হাৰ

কমাৰগাঁও এইচ.এছ.এছ.এল.চি পৰীক্ষা কেন্দ্ৰৰ উৎকৃষ্ট ফলাফল : উত্তীৰ্ণ হাৰ ৯৭.৩৩%
আজিৰ কণ্ঠ, কমাৰগাঁও, ২৮ এপ্ৰিল : আজি ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কমাৰগাঁও এইচ.এছ.এছ.এল.চি পৰীক্ষা কেন্দ্ৰই পুনৰ এবাৰ উৎকৃষ্ট ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰটোৰ মুঠ ২২৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২১৯ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । কমাৰগাঁও উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ সামগ্ৰিক উত্তীৰ্ণ হাৰ ৯৭.৩৩ শতাংশ হিচাপে নিৰ্ধাৰিত হৈছে।
কেন্দ্ৰটোৰ পৰা ১১ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে ৪৯ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তদুপৰি ১২০ গৰাকী দ্বিতীয় বিভাগত আৰু ৩৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। আনহাতে, মাত্ৰ ৭ গৰাকী শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে। কেন্দ্ৰটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ভিতৰত কমাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯৭ গৰাকী উত্তীৰ্ণ হৈ ৯৮.৯৮ শতাংশ ফলাফল প্ৰদৰ্শন কৰিছে। দুষুটিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৩ গৰাকী পৰীক্ষাৰ্থীৰ সকলোয়ে উত্তীৰ্ণ হৈ ১০০ শতাংশ ফলাফল লাভ কৰিছে।
ৰঙাগৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১০৫ গৰাকী উত্তীৰ্ণ হৈ ৯৬.৩৩ শতাংশ ফলাফল দাঙি ধৰিছে। ওপৰ টেমেৰা কমলামিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪ গৰাকী উত্তীৰ্ণ হৈ ৮০ শতাংশ ফলাফল লাভ কৰিছে। সামগ্ৰিকভাৱে, এইবাৰৰ ফলাফলে কমাৰগাঁও পৰীক্ষা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ অধ্যৱসায় আৰু শিক্ষকসকলৰ পৰিশ্ৰমৰ এক উজ্জ্বল প্ৰতিফলন হিচাপে বিবেচিত হৈছে। শিক্ষাৰ্থীসকলৰ এই সফলতাত অভিভাৱক তথা শিক্ষকসমাজে আনন্দ প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post