নুমলীগড় পৰা বোকাখাতলৈ ‘মৰণ ফান্দত পৰিণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : বিভাগীয় উদাসীনতাক লৈ তীব্ৰ ৰাইজৰ ক্ষোভ

নুমলীগড় পৰা বোকাখাতলৈ ‘মৰণ ফান্দত পৰিণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : বিভাগীয় উদাসীনতাক লৈ তীব্ৰ ৰাইজৰ ক্ষোভ

কুম্ভকৰ্ণ নিদ্ৰাত  ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড

আজিৰ কণ্ঠ, বোকাখাত ,২৮ এপ্ৰিল : ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ পথ  হিচাপে পৰিচিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড় পৰা বোকাখাত অংশ এতিয়া এক ভয়ংকৰ ‘মৰণ ফান্দ’ত পৰিণত হৈছে। পথছোৱাৰ জৰাজীৰ্ণ অৱস্থা আৰু বৃহৎ বৃহৎ গাঁতৰ বাবে প্ৰতিদিনেই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পিছতো গড়কাপ্তানি বিভাগৰ উদাসীন ভূমিকাই অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।বিশেষকৈ নুমলীগড়ৰ পৰা বোকাখাতলৈকে পথছোৱাৰ অৱস্থা ইমানেই শোচনীয় যে, পথৰ মাজত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতবোৰে যান-বাহন চলাচল প্ৰায় অসম্ভৱ কৰি তুলিছে। সাধাৰণ পথচাৰীৰ পৰা আৰম্ভ কৰি গধুৰ যান-বাহন চালকসকলেও প্ৰতিদিনে জীৱনৰ ঝুঁকি লৈ এই পথ অতিক্ৰম কৰিবলগীয়া হৈছে। ইতিমধ্যে বহুতো দুৰ্ঘটনাই প্ৰাণহানিৰ ঘটনাও ঘটাইছে। ইয়াৰ মাজতে আটাইতকৈ চিন্তনীয় দিশ হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়ত। ই-ৰিক্সা আৰু সৰু বাহনত বিদ্যালয়লৈ অহা-যোৱা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিদিনে ভয়ৰ মাজেৰে এই পথ পাৰ হ’বলগীয়া হৈছে। সামান্য অসাৱধানতা বা পথৰ গাঁতৰ বাবে যিকোনো মুহূৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। এই গুৰুতৰ সমস্যাৰ মাজতো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড পথছোৱাৰ মেৰামতিৰ ক্ষেত্ৰত কোনো সক্ৰিয় পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজে বিভাগটোৰ বিৰুদ্ধে “চকু মুদা কুলি”ৰ নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বহুদিন ধৰি জনোৱা দাবীসমূহো অদ্যাপি অগ্রাহ্য হৈ আছে বুলি অভিযোগ।আনহাতে, এই বিধ্বস্ত পথছোৱাৰ নাহৰজানৰ সমীপতে বোকাখাত সমষ্টিৰ জনপ্ৰতিনিধি তথা অগপৰ সভাপতি অতুল বৰাৰ বাসগৃহ অৱস্থিত। নিজৰ বাসগৃহৰ কাষৰ এই গুৰুত্বপূৰ্ণ পথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কোনো দৃশ্যমান পদক্ষেপ নোলোৱা কাৰণে স্থানীয় ৰাইজে বিয়াগোম ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড লগতে ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগটোক  তীব্ৰভাৱে সমালোচনা কৰিছে। চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ এই ধৰণৰ উদাসীনতাত অতিষ্ঠ হৈ ৰাইজে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে “আৰু কিমান প্ৰাণহানিৰ পিছত সজাগ হ’ব প্ৰশাসন?” অতি শীঘ্ৰে পথছোৱাৰ বিজ্ঞানসন্মত মেৰামতি কৰি সুৰক্ষিত যাতায়তৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ স্থানীয় ৰাইজে চৰম দাবী জনাইছে।

Post a Comment

Previous Post Next Post