বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি আৰু কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি আৰু কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
কমাৰগাঁও, ৮ মে : 
বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে নৱাগত আদৰণি, কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা আৰু ২০২৫-২৬ শিক্ষাবৰ্ষৰ শৈক্ষিক বঁটা বিতৰণী সভা অভিভাৱক, মাতৃ গোট আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয়।
সভাত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াই আদৰণি ভাষণত চলিত বৰ্ষত বিদ্যালয়খনত পূৰ্বৰ তুলনাত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিদ্যালয়খনত নতুনকৈ Section বৃদ্ধি কৰাৰ লগতে NCC, উচ্চ গণিত আৰু Spoken English আদি বিষয় সংযোগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। লগতে এইবাৰৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ পূৰ্বতকৈ অধিক সন্তোষজনক হোৱা বুলি উল্লেখ কৰে।
সহকাৰী প্ৰধান শিক্ষক অমুল্য কুমাৰ তামুলীয়ে আঁত ধৰা সভাখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ তথা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিকাশ বৰাই তেওঁৰ প্ৰয়াত পিতৃ-মাতৃৰ সোঁৱৰণত বঁটা প্ৰদান কৰে। এই বঁটাত কিতাপ-পত্ৰৰ লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীক নগদ পাঁচ হাজাৰ টকাকৈ আগবঢ়োৱা হয়।
বিকাশ বৰাই ২০২১ বৰ্ষৰ পৰা আগবঢ়াই অহা এই বঁটা ভৱিষ্যতেও অব্যাহত ৰাখিব বুলি কৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে।
আনহাতে, গাড়ীগাঁও-বুটলিখোৱা মণ্ডল সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক মৌচম দাসে অহাবাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত লেটাৰ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰয়াত শিক্ষক মানস বৰাৰ সোঁৱৰণত নগদ ধনসহ বিশেষ বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।
সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অতুল হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ ফুকন আৰু শিক্ষক সৰ্বেশ্বৰ দুৱৰাই বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়ায়।

Post a Comment

Previous Post Next Post