কমাৰগাঁও মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত দুগৰাকী শিক্ষাবিদক বিদায় সম্বৰ্ধনা
কমাৰগাঁও, ৮ মে’ : কমাৰগাঁও মহাবিদ্যালয়ত সদ্য অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক জীৱন গগৈ আৰু মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক জিতেন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা জনাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পূজা বৰাই আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গৌতম কুমাৰ শইকীয়াই। নিজৰ ভাষণত তেওঁ দুয়োগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাবিদৰ শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ শলাগ লৈ অৱসৰী জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত কমাৰগাঁও মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী সন্থা, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনস্থ শাখাৰ সমন্বয়ক, গ্ৰন্থাগাৰৰ সদস্যবৃন্দ, ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভা, প্ৰাক্তন ছাত্ৰ মঞ্চৰ লগতে ব্যক্তিগতভাৱেও বহুজন উপস্থিত থাকি দুয়োগৰাকী অৱসৰপ্ৰাপ্ত ব্যক্তিক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত দুয়োগৰাকী শিক্ষাবিদৰ কৰ্মজীৱনৰ বিভিন্ন দিশ স্মৰণ কৰা হয় আৰু তেওঁলোকৰ সুস্বাস্থ্য তথা সুখময় অৱসৰী জীৱনৰ কামনা কৰা হয়।
Post a Comment