জামুগুৰিহাটত বিহুৰ নিশাৰ জোড়া হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতি
NH-15 অৱৰোধ, বজাৰ বন্ধ, দোষীক কঠোৰ শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ
অজিৰ কণ্ঠ
জামুগুৰিহাট, ১৪ মে’ঃ ১০ মে’ৰ নিশা বিহু অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি অহা দুজন লোকৰ ওপৰত সংঘটিত নৃশংস আক্ৰমণ ঘটনাই সমগ্ৰ জামুগুৰিহাট-হাটিঙা-ৰামপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত গুৰুতৰভাৱে আহত দ্বিতীয়জন ব্যক্তিৰো মৃত্যুৰ পাছতে বুধবাৰে অঞ্চলটো উত্তপ্ত হৈ পৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰঙাচকুৱা অঞ্চলৰ লীলা বৰুৱা আৰু ৰাকেশ শৰ্মা বিহু অনুষ্ঠান চাই ঘৰলৈ উভতি আহি থকা সময়তে অভিযুক্ত জয়ন্ত বৰ্মনে চোকা অস্ত্ৰৰে তেওঁলোকক আক্ৰমণ কৰে। ঘটনাস্থলীতে লীলা বৰুৱাৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত ৰাকেশ শৰ্মাক ততাতৈয়াকৈ গুৱাহাটীৰ GNRC হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত ১৩ মে’ত তেওঁৰ মৃত্যু ঘটে।
ৰাকেশ শৰ্মাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দীৰ্ঘসময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, একাংশ উত্তেজিত লোকে ইটাহোলাস্থিত অভিযুক্ত জয়ন্ত বৰ্মনৰ বাসগৃহত উপস্থিত হৈ ব্যাপক ভাঙচুৰ চলায়। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অঞ্চলটোৰ দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ যায়।
ঘটনাৰ বিৰুদ্ধে স্থানীয় ৰাইজে জামুগুৰি আৰক্ষী থানাৰ চৌহদতো বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়।
ইফালে স্থানীয় বিধায়ক Padma Hazarika ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চৰকাৰ আৰু প্ৰশাসন ভুক্তভোগী পৰিয়ালৰ সৈতে আছে আৰু সকলোকে ধৈৰ্য্য আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনায়। লগতে তেওঁ আইন নিজৰ হাতত নল’বলৈও ৰাইজক অনুৰোধ জনায়।
বৰ্তমান আৰক্ষীয়ে অভিযুক্ত জয়ন্ত বৰ্মনক গ্ৰেপ্তাৰ কৰিছে আৰু অঞ্চলটোত যাতে পুনৰ কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Post a Comment