নির্বাচনী ব্যস্ততাৰ মাজতো নুমলীগড়ত ঢোলত ছেও তুলি অগপৰ সভাপতি অতুল বৰাৰ উৎসাহ

নির্বাচনী ব্যস্ততাৰ মাজতো নুমলীগড়ত ঢোলত ছেও বিহু কৰ্মশালা সামৰণিত মন্ত্ৰী অতুল বৰাৰ উৎসাহ 

বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়াৰ আত্মাৰ সৈতে জড়িত এক গভীৰ সাংস্কৃতিক পৰিচয়: অতুল বৰা

কমাৰগাঁও প্ৰতিবেদক,৩১ মাৰ্চঃ নিৰ্বাচনী প্ৰচাৰৰ তীব্ৰ ব্যস্ততাৰ মাজতো নুমলীগড়ত অনুষ্ঠিত বিহু কৰ্মশালা সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই এক ব্যতিক্ৰমী দৃশ্যৰ সৃষ্টি কৰে। পৰম্পৰাগত বিহুৰ সুৰেৰে মুখৰিত পৰিৱেশত মন্ত্ৰীগৰাকীয়ে নিজে ঢোল বজাই “ছেও” মাৰি উপস্থিত ৰাইজক উৎসাহিত কৰি তোলে। 
স্থানীয় যুৱ-যুৱতীৰ উদ্যোগত আয়োজন কৰা উক্ত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানটো সজীৱ কৰি তোলে । বিহু নাচ, ঢোলবাদন আৰু বিহুনামৰ  সুৰেৰে মুখৰিত হৈ পৰে সমগ্ৰ অনুষ্ঠানস্থলী।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই অসমৰ সমৃদ্ধ লোক-সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়াৰ আত্মাৰ সৈতে জড়িত এক গভীৰ সাংস্কৃতিক পৰিচয়। উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে এনেদৰে সাংস্কৃতিক অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণে স্থানীয় ৰাইজৰ মাজত বিশেষ উৎসাহ আৰু সাড়া জাগ্ৰত কৰে। মন্ত্ৰীগৰাকীৰ ঢোলৰ তালত ছেও মৰা দৃশ্যই অনুষ্ঠানটোক এক বিশেষ মাধুৰ্য প্ৰদান কৰে।

Post a Comment

Previous Post Next Post