মৃণাল শইকীয়াৰ ফেচবুক পষ্টে ৰাজ্যজুৰি চৰ্চা: বঢ়মপুৰৰ দলীয় কৰ্মীক কঠোৰ সঁকিয়নি:

নিজ দলীয় কৰ্মীক কঠোৰ সঁকিয়নি: মৃণাল শইকীয়াৰ ফেচবুক পষ্টে ৰাজ্যজুৰি চৰ্চা

বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে শ্লোগান কাণ্ডক লৈ প্ৰতিক্ৰিয়া;ৰাজনৈতিক শিষ্টাচাৰ মানি চলা অতি জৰুৰী”—মৃণাল শইকীয়াৰ 


প্ৰতিবেদক,খুমটাই, ১ এপ্ৰিলঃ
খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ এটা ফেচবুক পষ্টে এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা সৃষ্টি কৰিছে। বিশেষকৈ নিজৰ দলৰে একাংশ কৰ্মীৰ আচৰণক লৈ কৰা স্পষ্ট মন্তব্যই ৰাজনৈতিক মহলত গুৰুত্ব লাভ কৰিছে।ঘটনাৰ সূত্ৰপাত হয় বঢ়মপুৰ সমষ্টিত। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজেন গোঁহাইয়ে সমৰ্থকসকলৰ সৈতে গাড়ীত উঠি নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে একাংশ বিজেপি কৰ্মীয়ে দলীয় পতাকা লৈ “গ’ বেক” আৰু “মুৰ্দাবাদ” ধ্বনি দিয়ে। এই ঘটনাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়। ইয়াৰ পিছতেই খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই আজি সন্ধিয়া প্ৰায় ৮ বজাত এটা ভিডিঅ আৰু লিখিত পষ্টৰ জৰিয়তে বিষয়টোত নিজৰ অৱস্থান স্পষ্ট কৰে। পষ্টটোত তেওঁ কয়—

“ৰাজনৈতিক শিষ্টাচাৰশূন্য, অসংস্কাৰী তথা আত্মবিশ্বাস নথকা লোকেহে এনে অভব্য কৰ্ম কৰে। গণতান্ত্ৰিক দেশত ৰাজহুৱা পথেৰে যাতায়ত কৰাতো সকলোৰে সম অধিকাৰ। খুমটাই সমষ্টিত কোনো দলকেই যাতে এনে আচৰণ নকৰে তাৰ বাবে প্ৰতিজন দলীয় কাৰ্যকৰ্তাক সঁকিয়াই দিছোঁ। ৰাজনৈতিক সংস্কাৰ মানি চলাতো নেতাৰ প্ৰাথমিক দায়িত্ব।”

তেওঁৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। বহুতে নিজৰ দলীয় কৰ্মীক লক্ষ্য কৰি এইধৰণে স্পষ্ট আৰু কঠোৰ বাৰ্তা প্ৰেৰণ কৰাক ইতিবাচক পদক্ষেপ হিচাপে বৰ্ণনা কৰিছে। আনহাতে একাংশই ইয়াক নিৰ্বাচনী পৰিৱেশত শৃংখলা বজাই ৰখাৰ বাবে এক গুৰুত্বপূৰ্ণ আহ্বান বুলি অভিহিত কৰিছে।

বৰ্তমান সময়ত এই পষ্টটো খুমটাই সমষ্টিৰ উপৰিও সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহলত আলোচনা আৰু বিশ্লেষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিৰ্বাচনী পৰিস্থিতি উত্তপ্ত হৈ থকা সময়ত মৃণাল শইকীয়াৰ এই মন্তব্যই ৰাজনৈতিক শিষ্টাচাৰৰ বিষয়টো পুনৰ আগবঢ়াই আনিছে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post