মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ SIT গঠন

মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ SIT গঠন

শিৱসাগৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলত DSP লীলা বৰা নেতৃত্বত

গুৱাহাটীৰ প্ৰতিবেদক, ২৭ আগষ্ট: বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হোৱা ৰহস্য আৰু অভিযোগৰ মাজতে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। শিৱসাগৰ আৰক্ষীয়ে গঠন কৰা SITৰ নেতৃত্ব দিছে শিৱসাগৰৰ উপ-আৰক্ষী অধীক্ষক লীলা বৰাই।

SITত আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকা, নাজিৰা থানাৰ দ্বিতীয় বিষয়া SI (UB) ছিৰাজ ছইকীয়া আৰু নাজিৰা থানাৰ WSI (UB) ছুমি বৰ্মনক অন্তৰ্ভুক্ত কৰা হৈছে। ছিৰাজ ছইকীয়াক গোচৰটোৰ তদন্তকাৰী বিষয়া হিচাপেও দায়িত্ব দিয়া হৈছে।

বীৰ লাচিত সেনাই দাখিল কৰা অভিযোগত উত্থাপিত অভিযোগসমূহৰ লগতে ঘটনাটোৰ সৈতে জড়িত বুলি আটক কৰা লোকসকলৰ ভূমিকা SITয়ে তদন্ত কৰিব। আৰক্ষীয়ে এতিয়ালৈকে অভিযোগত নাম উল্লেখ থকা পাঁচজন লোকক আটক কৰিছে। আটকাধীন লোককেইজন হৈছে আবিদুৰ ৰহমান, চুবেরা বেগম, ছেলিমুৰ ৰহমান, ছেলিমা বেগম আৰু আনোৱাৰা বেগম।

উল্লেখ্য যে, ২৩ আগষ্টৰ নিশা প্ৰায় ১০ বজাত প্ৰজাবস্তীৰ পথৰ কাষত মানসজ্যোতি চেতিয়াক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। পথ দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছিল। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ আৰু হাস্পতাললৈ লৈ যোৱা হয় যদিও ২৫ আগষ্টত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

SITয়ে ঘটনাৰ সৈতে জড়িত উপলব্ধ তথ্য-প্ৰমাণ পৰীক্ষা কৰাৰ লগতে সাক্ষ্য গ্ৰহণ আৰু ঘটনাৰ পূৰ্বাপৰ পুনৰ নিৰ্মাণৰ চেষ্টা চলাব। অভিযোগসমূহৰ সমৰ্থনত পৰ্যাপ্ত তথ্য-প্ৰমাণ আছে নে নাই আৰু ঘটনাটোৰ ক্ষেত্ৰত কোনো অপৰাধমূলক দায়বদ্ধতা সৃষ্টি হয় নে নহয়, সেই বিষয়েও তদন্তকাৰী দলে পৰীক্ষা কৰিব।

ইফালে বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহাই আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা আৰু শিৱসাগৰ আৰক্ষী বিষয়া পাপৰি চেতিয়াক ধন্যবাদ জ্ঞাপন কৰে।চলিহাই লগতে মূল অভিযুক্ত বুলি উল্লেখ কৰা মুজামিল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ মুজামিল ইছলামক কোনো জেহাদী ছ্লীপাৰ চেলৰ সৈতে জড়িত বুলি দাবী কৰে। অৱশ্যে, ইছলামৰ এনে কোনো জেহাদী নেটৱৰ্কৰ সৈতে সম্পৰ্ক থকাৰ দাবী আৰক্ষীয়ে এতিয়ালৈকে নিশ্চিত কৰা নাই। এতিয়া SITৰ তদন্ত আৰু সংগ্ৰহ কৰা তথ্য-প্ৰমাণৰ ওপৰতেই গোচৰটোৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ভৰ কৰিব।

Post a Comment

Previous Post Next Post