বোকাখাতৰ কুৰুৱাবাহীত ধনশিৰি নৈৰ খহনীয়াৰ আশংকাস্থলী পৰিদৰ্শন কেবিনেট মন্ত্ৰী অতুল বৰাৰ, বিভাগক তাৎক্ষণিক সুৰক্ষামূলক ব্যৱস্থাৰ নিৰ্দেশ
বোকাখাতৰ পৰা চন্দন বৰা প্ৰতিবেদন ৪ আগষ্ট: বোকাখাত সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাটি শিঙাদৰীয়া গাঁৱত ধনিশিৰি নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ এটা অংশত খহনীয়াৰ আশংকা সৃষ্টি কৰা স্থান আজি পৰিদৰ্শন কৰে অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰাই।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰী বৰাই স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰি বৰ্তমান পৰিস্থিতিৰ বুজ লয়। খহনীয়াৰ ফলত অঞ্চলটোত সম্ভাৱ্য বিপদৰ বিষয়ে ৰাইজে অৱগত কৰাৰ পিছতে মন্ত্ৰী বৰাই জলসম্পদ বিভাগৰ বিষয়াসকলক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি সম্ভাৱ্য ক্ষতি ৰোধৰ বাবে দ্ৰুত পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে।ইয়াৰ উপৰিও, বান আৰু খহনীয়াৰ ফলত উদ্ভৱ হ’ব পৰা যিকোনো জৰুৰী পৰিস্থিতি সুচাৰুৰূপে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক সজাগ আৰু তৎপৰতাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় মন্ত্ৰী অতুল বৰাই।স্থানীয় ৰাইজে আশংকাপূৰ্ণ মথাউৰিটোৰ স্থায়ী সুৰক্ষা ব্যৱস্থা শীঘ্ৰে গ্ৰহণৰ দাবী জনোৱাৰ লগতে মন্ত্ৰী বৰাৰ এই পৰিদৰ্শন আৰু তাৎক্ষণিক হস্তক্ষেপে অঞ্চলবাসীৰ মাজত কিছু আশাৰ সঞ্চাৰ কৰিছে।
Post a Comment