বাদুলিপাৰত শোকাবহ ঘটনা : ইটাভাটাৰ কাষৰ গভীৰ গাঁতত পৰি এজনৰ মৃত্যু, অবৈধ মাটি খননৰ অভিযোগত ক্ষোভিত ৰাইজ
বাদুলিপাৰ প্ৰতিবেদক, ৪ আগষ্ট : খুমটাই ৰাজহ চক্ৰ অন্তৰ্গত বাদুলিপাৰত আজি সংঘটিত হোৱা এক শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ইটাভাটাৰ কাষত থকা এক গভীৰ গাঁতত পৰি হিমাদ্ৰী ভট্টাচাৰ্য ওৰফে হিমু নামৰ এজন ব্যক্তিৰ কৰুণ মৃত্যু ঘটে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে।
স্থানীয় সচেতন ৰাইজৰ অভিযোগ যে এটা ইটাভাটাৰ মালিকে ইটা প্ৰস্তুতৰ বাবে মাটি খননৰ সময়ত নীতি-নিয়ম উলংঘা কৰি ব্যৱসায়িক স্থানৰ সমীপতে এক গভীৰ আৰু বিপজ্জনক গাঁতৰ সৃষ্টি কৰিছিল। পথৰ কাষতে মুকলিভাৱে এৰি থোৱা এই গাঁতটোত দুৰ্ভাগ্যবশতঃ হিমাদ্ৰী ভট্টাচাৰ্য পৰি যায়। স্থানীয় লোকে তেওঁক উদ্ধাৰৰ চেষ্টা চলালেও ঘটনাস্থলীতেই তেওঁৰ মৃত্যু হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজে ইটাভাটা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধভাৱে গভীৰ মাটি খনন চলি আহিছে। এই বিষয়ে একাধিকবাৰ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক অৱগত কৰা হৈছিল যদিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। স্থানীয় লোকসকলে অভিযোগ কৰে যে, খুমটাই ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীৰ চকু মুদা কুলি ভাৱত থকাৰ বাবে ইটাভাটাটোৰ মালিক পক্ষই পথৰ কাষতে দ দ গাঁত খান্দি ইটা প্ৰস্তুত কৰি আহিছে ।
খেতি উপযোগী মাটিত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত খান্দি ব্যৱসায়ী চলাই আহিছে । আনহাতে ইটা ভাটাটোৰ স্বতাধিকাৰ গৰাকীৰ চুড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ ফলতেই আজি এজন নিৰপৰাধ ব্যক্তিয়ে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল। তেওঁলোকে ঘটনাটোৰ পূৰ্ণাংগ তদন্তৰ দাবী জনোৱাৰ লগতে অবৈধ মাটি খনন আৰু সংশ্লিষ্ট ইটাভাটাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।ইয়াৰ উপৰিও, মৃত হিমাদ্ৰী ভট্টাচাৰ্যৰ পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ আৰু চৰকাৰী সহায় আগবঢ়াবলৈও জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।উল্লেখ্য যে, এই ঘটনাই পুনৰ এবাৰ অবৈধ মাটি খনন, ইটাভাটাৰ অনিয়ম আৰু প্ৰশাসনিক তদাৰকিৰ অভাৱক লৈ বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোকসকলৰ মতে, সময়মতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা হ'লে এই শোকাবহ ঘটনাটো হয়তো এৰাই যাব পৰা গ'লহেঁতেন।
Post a Comment