কমাৰগাঁৱৰ বৰণ বিকাশ দেউৰীৰ উজ্জ্বল সাফল্যIISER-ৰ প্ৰৱেশ যোগ্যতা পৰীক্ষাত অনুসূচিত জনজাতি শ্ৰেণীত সৰ্বভাৰতীয় ৬ষ্ঠ স্থান
আজিৰ কণ্ঠ, কমাৰগাঁও ২৯ জুন : বোকাখাত সম-জিলাৰ অন্তৰ্গত কমাৰগাঁৱৰ মেধাৱী ছাত্ৰ বৰণ বিকাশ দেউৰীয়ে ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (IISER)-ৰ প্ৰৱেশ যোগ্যতা পৰীক্ষা (IAT)–২০২৬-ত উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ঘোষিত ফলাফল অনুসৰি, বৰণ বিকাশ দেউৰীয়ে সৰ্বভাৰতীয় সামগ্ৰিক ৰেংক (Overall Rank) ১৮৯৬ লাভ কৰাৰ লগতে অনুসূচিত জনজাতি (ST) শ্ৰেণীত সৰ্বভাৰতীয় ৬ষ্ঠ স্থান (Category Rank–6) দখল কৰিবলৈ সক্ষম হৈছে।
এই সাফল্যই তেওঁৰ অধ্যৱসায়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ এক উজ্জ্বল স্বাক্ষৰ বহন কৰিছে। দেশৰ অন্যতম সন্মানীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত অধ্যয়নৰ বাবে অনুষ্ঠিত এই প্ৰৱেশ পৰীক্ষাত এনে উল্লেখযোগ্য ফলাফল লাভ কৰাটো সমগ্ৰ কমাৰগাঁও অঞ্চলৰ বাবেও এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে।
বৰণ বিকাশ দেউৰীৰ কমাৰগাঁও মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞানৰ মুৰব্বী অধ্যাপক বিদ্যুত দেউৰী আৰু ৰুমা কলিতা দেউৰীৰ জ্যেষ্ঠ পুত্ৰ। বৰণ সাফল্যত তেওঁৰ পৰিয়াল, শিক্ষক-শিক্ষয়িত্ৰী, শুভাকাংক্ষী তথা অঞ্চলবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। বিভিন্নজনে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত অধিক সাফল্য লাভ কৰি ৰাজ্য আৰু দেশৰ নাম উজ্জ্বল কৰিবলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
Post a Comment