সাহিত্যিক, শিক্ষাবিদ শোভন চন্দ্ৰ শইকীয়াক ‘গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকা স্মাৰক সমাজৰত্ন বঁটা’ প্ৰদান

কমাৰগাঁৱত সাহিত্যিক, শিক্ষাবিদ শোভন চন্দ্ৰ শইকীয়ালৈ ‘গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকা স্মাৰক সমাজৰত্ন বঁটা’ প্ৰদান
কমাৰগাঁও প্ৰতিবেদক, ১১ জুলাইঃ
কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত আজি সভাৰ লিলি দাস তালুকদাৰ ভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকাৰ স্মৃতি দিৱস’ পালন কৰাৰ লগতে ‘গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকা স্মাৰক সমাজৰত্ন বঁটা’ প্ৰদান অনুষ্ঠান সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চুছেন হাজৰিকাই। কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ সভাপতি পূৰ্ণকান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি-চাৰণ আৰু বঁটা প্ৰদান সভাত সাহিত্য, সমাজসেৱা আৰু মানৱীয় মূল্যবোধৰ ওপৰত তাৎপৰ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।
সভাত বিশিষ্ট শিল্পী সুৰেন গগৈয়ে ‘গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকা স্মাৰক বক্তৃতা’ প্ৰদান কৰি প্ৰয়াত হাজৰিকাৰ সমাজমুখী চিন্তা-চৰ্চা, সাহিত্যসাধনা আৰু জনকল্যাণমূলক অৱদানৰ বিষয়ে আলোকপাত কৰে। এই উপলক্ষে কমাৰগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক শোভন চন্দ্ৰ শইকীয়াক ‘গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকা স্মাৰক সমাজৰত্ন বঁটা’ৰে সন্মানিত কৰেসন্মান গ্ৰহণ কৰি শইকীয়াই কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ সাহিত্য-সংস্কৃতি বিকাশত আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰাৰ লগতে গণবন্ধু হেমেনচন্দ্ৰ হাজৰিকাৰ সাহিত্যসাধনা, সমাজচিন্তা আৰু আদৰ্শৰ বিভিন্ন দিশৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক তিলেশ্বৰ গোহাঁই, যতিন কাকতি, মহেশ্বৰ ৰবিদাস, শিক্ষক ইন্দ্ৰজিৎ ফুকন, প্ৰাঞ্জল শইকীয়া, নিৰূপম শইকীয়াসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানটি সুকলমে পৰিচালনা কৰে কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ সম্পাদক ৰিণ্টু দুৱৰাই।

Post a Comment

Previous Post Next Post