পদ্মভূষণ লাভ কৰি আবেগিক আলকা ইয়াগ্নি

পদ্মভূষণ লাভ কৰি আবেগিক আলকা ইয়াগ্নিক, সুস্থতাৰ পথত আগবাঢ়ি থকাৰ কথা প্ৰকাশ

 দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান Padma Bhushan লাভ কৰাৰ পিছত সুকণ্ঠি গায়িকা আলকা ইয়াগ্নি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। বিগত দুবছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ বাবে জনসমাজ আৰু মঞ্চৰ পৰা আঁতৰি থকা গায়িকাগৰাকীয়ে অনুৰাগীসকলৰ মৰম, প্ৰাৰ্থনা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আলকাই কয় যে কঠিন সময়ৰ মাজতো অনুৰাগীসকলৰ অশেষ মৰম আৰু সাহসে তেওঁক আগুৱাই যোৱাত সহায় কৰিছে। লগতে তেওঁ Droupadi Murmu, Narendra Modi, গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰক এই সন্মান প্ৰদানৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে ২০২৪ চনত আলকা ইয়াগ্নিকে প্ৰকাশ কৰিছিল যে ভাইৰাছজনিত আক্ৰমণৰ ফলত তেওঁ এক দুৰ্লভ Sensorineural Nerve Hearing Loss ৰোগত আক্ৰান্ত হৈছে। বিমানৰ পৰা নামি অহাৰ পিছতে হঠাতে শ্ৰৱণশক্তি হেৰুৱাৰ অভিজ্ঞতাৰ কথাও তেওঁ জনাইছিল। সেই সময়ত তেওঁ অনুৰাগী আৰু সংগীতশিল্পীসকলক অত্যাধিক শব্দ আৰু হেডফোন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনাইছিল।

পদ্মভূষণ গ্ৰহণ কৰাৰ সময়ত সহায়কৰ সহায়ত খোজ কাঢ়ি অহা আলকা ইয়াগ্নিকক দেখি অনুৰাগীসকল উদ্বিগ্ন হৈ পৰিলেও, তেওঁ বৰ্তমান সুস্থতাৰ পথত আগবাঢ়ি থকাৰ কথা জনাইছে।

‘টিপ টিপ বৰষা পানী’ আৰু Kuch Kuch Hota Hai-ৰ দৰে অসংখ্য জনপ্ৰিয় গীতৰ কণ্ঠশিল্পী আলকা ইয়াগ্নিকৰ এই সন্মান ভাৰতীয় সংগীত জগতৰ বাবে এক গৌৰৱৰ বিষয়।

Post a Comment

Previous Post Next Post