আইপিএল বেটিং চক্ৰৰ বিৰুদ্ধে ইডিৰ অভিযানঅসমত ১৩ লাখ টকা নগদ ধন আৰু বিলাসী গাড়ী জব্দ

আইপিএল বেটিং চক্ৰৰ বিৰুদ্ধে ইডিৰ অভিযান
অসমত ১৩ লাখ টকা নগদ ধন আৰু বিলাসী গাড়ী জব্দ
আজিৰ কণ্ঠ, গুৱাহাটী, ২৮ মে :  অবৈধ আইপিএল বেটিং চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয় (ED)-এ গুৱাহাটী, তিনিচুকীয়া আৰু নতুন দিল্লীৰ একাধিক স্থানত তালাচী অভিযান চলায়। এই অভিযানত ১৩ লাখ টকাৰ অবৈধ নগদ ধনসহ একাধিক বিলাসী গাড়ী জব্দ কৰা হয়। জব্দ কৰা গাড়ীৰ ভিতৰত আছে এখন Mercedes-Benz, এখন MG Hector আৰু এখন Toyota Fortuner।ইডিয়ে গুৱাহাটীৰ ক্রাইম ব্রাঞ্চ থানাত ৰুজু হোৱা এফআইআৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল। এই গোচৰত জনৈক দীপেশ বাজোৰিয়া, জনৈক ৰোনক বাজোৰিয়া, জনৈক ৰাজেশ জৈন আদি অভিযুক্তৰ নাম সন্নিৱিষ্ট আছে।
লগতে তিনিচুকীয়া থানাত জনৈক বিকাশ বেৰিয়া,জনৈক নীতিন বেৰিয়া, জনৈক সুপ্ৰিত বিশ্বাস আদিৰ বিৰুদ্ধেও একেধৰণৰ অবৈধ আইপিএল বেটিং কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত পৃথক গোচৰ ৰুজু হৈছিল। তদন্তত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্তসকলে এক সুসংগঠিত আৰু প্ৰযুক্তিনিৰ্ভৰ অবৈধ বেটিং চক্ৰ চলাই আছিল। WhatsApp, Telegram, Instagram আদি এনক্ৰিপ্টেড মেচেজিং প্লেটফৰ্ম আৰু বিদেশী অনলাইন বেটিং ছাইট ব্যৱহাৰ কৰি আইপিএল খেলত বেট গ্ৰহণ আৰু লেনদেন চলোৱা হৈছিল।
ইডিৰ এই অভিযানত দীপেশ বাজোৰিয়া, ৰোনক বাজোৰিয়া, ৰাজেশ জৈন, বিকাশ আগৰৱাল, সুপ্ৰিত বিশ্বাস, বিকাশ বেৰিয়া, নীতিন বেৰিয়া আৰু দুর্গা প্ৰসাদ বেৰিয়াৰ বাসগৃহত তালাচী চলোৱা হয়। লগতে গুৱাহাটীৰ ‘Roycee’ (পূৰ্বতে ‘Playboy’) নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো অভিযান চলোৱা হয়। তালাচীৰ সময়ত উদ্ধাৰ হোৱা ১৩ লাখ টকাৰ নগদ ধন আৰু জব্দ কৰা গাড়ীসমূহ অবৈধ বেটিং ব্যৱসায়ৰ ‘প্ৰচিডছ অৱ ক্রাইম’ৰ জৰিয়তে ক্ৰয় কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ইডিয়ে।

Post a Comment

Previous Post Next Post