দেশমাতৃৰ সেৱাত জীৱন উৎসৰ্গা :
বৰচাপৰিত সামৰিক মৰ্যাদাৰে শেষ বিদায় হাবিলদাৰ দুৰ্লভ গগৈক
আজিৰ কণ্ঠ, মৰঙি ,২৯ মে’ঃ
দেশসেৱাৰ পবিত্ৰ কৰ্তব্য পালন কৰি থাকোঁতেই জীৱনৰ অন্তিম নিশ্বাস ত্যাগ কৰা ভাৰতীয় সেনাবাহিনীৰ 49 AD ৰেজিমেন্টৰ হাবিলদাৰ দুৰ্লভ গগৈৰ নশ্বৰদেহ আজি নিজ জন্মভূমি গোলাঘাট জিলাৰ কমাৰগাঁও সমীপৰ বৰচাপৰি অঞ্চলত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চল শোকত মুহ্যমান হৈ পৰে। সামৰিক মৰ্যাদা আৰু অশ্ৰুসিক্ত পৰিৱেশৰ মাজতে প্ৰয়াত সেনা জোৱানজনক শেষ বিদায় জনায় হাজাৰ হাজাৰ গুণমুগ্ধই। উল্লেখ্য যে, যোৱা ২৬ মে’ত শ্ৰী নগৰত কৰ্তব্যৰত অৱস্থাত হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যু হয় দেশপ্ৰেমিক সেনা জোৱান দুৰ্লভ গগৈৰ। দেশৰ সুৰক্ষাৰ বাবে সদায় নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰা গগৈয়ে “অপাৰেশ্যন সিন্দুৰ”তো অংশগ্ৰহণ কৰি সাহসিকতাৰ পৰিচয় দিছিল।আজি পুৱা তেওঁৰ পাৰ্থিৱ শৰীৰ জন্মগাঁৱত উপস্থিত হোৱাৰ পিছত এক আবেগিক পৰিস্থিতিৰ সৃষ্টি হয়।
সেনাবাহিনীৰ নিয়ম অনুসৰি সামৰিক সন্মানৰ মাজেৰে শেষকৃত্য সম্পন্ন কৰা হয়। শেষ বিদায়ৰ সময়ত ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলৰ অস্ত্ৰ নমন, জাতীয় পতাকাৰে আচ্ছাদিত কফিন আৰু শোক সংগীতে উপস্থিত সকলোকে গভীৰভাৱে আৱেগাক্ৰান্ত কৰি তোলে।অতি সৰল, অমায়িক আৰু কৰ্তব্যনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত আছিল দুৰ্লভ গগৈ। তেওঁৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। শেষকৃত্য অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়ববীয়া, প্ৰাক্তন সৈনিকসকল, খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে অসংখ্য স্থানীয় ৰাইজ উপস্থিত থাকি প্ৰয়াত সেনা জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।মৃত্যুৰ সময়ত দুৰ্লভ গগৈয়ে পত্নী, দুজন পুত্ৰ আৰু অসংখ্য আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। দেশৰ বাবে জীৱন উৎসৰ্গা কৰা এই সাহসী সন্তানৰ বিয়োগে অঞ্চলবাসীৰ হৃদয়ত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে।
Post a Comment