খুমটাইত ধোদৰআলি অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ

খুমটাইত ধোদৰআলি অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ ৰাইজৰ

নিখোঁজ যুৱকৰ সন্ধান আৰু ন্যায়ৰ দাবীত ৰাইজৰ প্ৰতিবাদ, আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত ক্ষোভ

আজিৰ কণ্ঠ, খুমটাই, ৩১ মে’ : গোলাঘাট জিলাৰ খুমটাইৰ বুটলিখোৱা অঞ্চলত নিখোঁজ হৈ থকা নতুনমাটি চাহ বাগিচাৰ যুৱক ৰাজ কালিন্দীৰ সন্ধান উলিওৱা আৰু ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবীত দেওবাৰে শতাধিক ৰাইজে ঐতিহাসিক ধোদৰআলি অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীয়ে খুমটাই আৰক্ষীৰ ভূমিকা লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিয়ালৰ সূত্ৰই সদৰি কৰা অনুসৰি  শুকুৰবাৰে ৰাজ কালিন্দীসহ মুঠ পাঁচজন যুৱক বুটলিখোৱাৰ লালগড়া চাপৰিৰ সমীপৰ ধনশিৰি নদীৰ পাৰলৈ গৈছিল। পিছত চাৰিজন যুৱক ঘৰলৈ উভতি আহিলেও ৰাজ কালিন্দীৰ কোনো সন্ধান পোৱা নগ’ল। ঘটনাৰ পিছত একেখন চাহ বাগিচাৰ পংকজ পাছি নামৰ এজন যুৱকে ৰাজ কালিন্দীৰ মাতৃক জনায় যে তেওঁ ৰাজৰ ফোন পোৱাৰ ভিত্তিত নদীৰ পাৰলৈ গৈছিল যদিও তাত উপস্থিত হৈ তেওঁক দেখা নাপায়। পৰৱৰ্তী সময়ত ৰাজ কালিন্দীৰ মোবাইল ফোনো পংকজ পাছিৰ জৰিয়তে পৰিয়ালৰ হাতত আহে।আনহাতে, মৌচম হাজাম নামৰ এজন যুৱকে দিয়া বক্তব্য অনুসৰি, তেওঁলোক একেলগে ফুৰিবলৈ গৈছিল আৰু ৰাজ কালিন্দী আৰু পংকজ পাছিয়ে নদীত গা ধুব বুলি কোৱাত বাকীসকল আঁতৰি যায়। পিছত পংকজ পাছিয়ে দৌৰি আহি ৰাজ পানীত ডুব যোৱাৰ কথা জনায়। কিন্তু ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ বক্তব্যত অসংগতি থকাত স্থানীয় ৰাইজৰ মাজত বিভিন্ন সন্দেহ আৰু প্ৰশ্নৰ উদ্ভৱ হৈছে।

ইফালে, যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি একেলগে যোৱা কেইজনমান যুৱকৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে খুমটাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে তিনিজন যুৱকক সোধ-পোছৰ বাবে আটক কৰিছিল যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াক কেন্দ্ৰ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।নিখোঁজ যুৱকজনৰ সন্ধানত SDRF বাহিনীয়ে ধনশিৰি নদীত অবিৰত অভিযান চলাইছে যদিও তিনিদিন অতিক্ৰম কৰাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা হোৱা নাই।দেওবাৰে উত্তেজিত ৰাইজে ধোদৰআলি অৱৰোধ কৰি “খুমটাই আৰক্ষী গ’ বেক”, “দোষীক গ্ৰেপ্তাৰ কৰক”, “নিখোঁজ যুৱকৰ সন্ধান দিয়ক” আদি শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে। প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে যে অভিযুক্ত যুৱকসকলক আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিছে আৰু ঘটনাটোৰ সঠিক তদন্তত গাফিলতি কৰিছে।পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দাসৰ নেতৃত্বত বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত অৱশেষত প্ৰতিবাদ শাম কাটে।উল্লেখ্য যে, ব্যস্ততাপূৰ্ণ ধোদৰআলি বহু সময় ধৰি অৱৰোধ কৰি ৰখাৰ ফলত পথচাৰী আৰু যানবাহন চলাচলত ব্যাপক বিঘিনি ঘটে আৰু সাধাৰণ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত আছে।

Post a Comment

Previous Post Next Post