U-23 এছিয়ান কুস্তি চেম্পিয়নশ্বিপত ভাৰতৰ ঐতিহাসিক সাফল্য
২৭টা পদক জয়, পুৰুষ ফ্ৰীষ্টাইল দলে লাভ কৰিলে টীম চেম্পিয়নশ্বিপ ট্রফী
আজিৰ কণ্ঠ ,নতুন দিল্লী, ২৮ মে’ : ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত U-23 এছিয়ান কুস্তি চেম্পিয়নশ্বিপত ভাৰতীয় কুস্তিগীৰসকলে অভূতপূৰ্ব সফলতা অৰ্জন কৰি মুঠ ২৭টা পদক জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত আছে ১১টা সোণ, ৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জ পদক।বিশেষকৈ ভাৰতৰ পুৰুষ ফ্ৰীষ্টাইল কুস্তি দলে অসাধাৰণ প্ৰদৰ্শনেৰে টীম চেম্পিয়নশ্বিপ ট্রফী দখল কৰি ইতিহাস ৰচনা কৰে। ভাৰতীয় দলে শক্তিশালী কিৰ্গিজস্তান আৰু কাজাখস্তানক পিছ পেলাই শীৰ্ষস্থান দখল কৰে।ফ্ৰীষ্টাইল বিভাগত ভাৰতীয় দলটোৱে মুঠ ৯টা পদক লাভ কৰে। ইয়াৰ ভিতৰত ৪টা সোণ, ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জ পদক অন্তৰ্ভুক্ত।
অক্ষয় টি ধেৰে (৫৭ কেজি) আৰু বিক্কী (৯৭ কেজি)-য়ে সোণৰ পদক জয় কৰি ভাৰতৰ অভিযানৰ শুভাৰম্ভ কৰে। পিছত কুমাৰ মোহিত (৬৫ কেজি) আৰু চন্দ্ৰমোহন (৭৯ কেজি)-য়েও সোণৰ পদক অৰ্জন কৰি ভাৰতৰ আধিপত্য অক্ষুণ্ণ ৰাখে।
আনহাতে দীপক ৰাঠী (৬১ কেজি), পুনীত কুমাৰ (৯২ কেজি) আৰু লেকী (১২৫ কেজি)-য়ে ৰূপৰ পদক লাভ কৰে। দীপক বেৰৱাল (৭৪ কেজি) আৰু মৰ সচিন (৮২ কেজি)-য়ে ব্ৰঞ্জ পদক জয় কৰি দলটোৰ সাফল্যত গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়।
ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ সভাপতি Sanjay Singh-এ কয়, “U-23 এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী জয় কৰা ভাৰতীয় কুস্তিৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমাৰ খেলুৱৈসকলে অসামান্য মনোবল আৰু কাৰিকৰী দক্ষতাৰ প্ৰদৰ্শন কৰিছে।”
গ্ৰেকো-ৰোমান বিভাগতো ভাৰতীয় খেলুৱৈসকলে উল্লেখযোগ্য সাফল্য লাভ কৰে। সুমিতে (৬৩ কেজি) সোণৰ পদক জয় কৰাৰ লগতে সুৰজ (৬০ কেজি) আৰু সাগৰ সিং (৬৭ কেজি)-য়ে ৰূপৰ পদক লাভ কৰে। নীৰজ পাটেল (৫৫ কেজি), সচিন (৭৭ কেজি), ৰোহিত বুৰা (৮৭ কেজি), ৰোহিত (৯৭ কেজি) আৰু হৰদীপ (১৩০ কেজি)-য়ে ব্ৰঞ্জ পদক লাভ কৰি ভাৰতৰ পদক সংখ্যা বৃদ্ধি কৰে। ইফালে, U-23 প্ৰতিযোগিতা সফলভাৱে সমাপ্ত হোৱাৰ পাছত এতিয়া দৃষ্টি নিবদ্ধ হৈছে U-17 এছিয়ান কুস্তি চেম্পিয়নশ্বিপৰ ওপৰত। ডা নাঙতেই কাইলৈৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব।
Post a Comment