৭ জন ৰাজ্যসভা সাংসদে দল ত্যাগ: ‘অপাৰেচন লোটাছ’ অভিযোগত তীব্ৰ প্ৰতিক্ৰিয়া AAP-ৰ
বিজেপিৰ ষড়যন্ত্ৰ অভিযোগ; ভোটাৰৰ বিশ্বাসঘাতকতা বুলি কয় ভাগৱন্ত মানে
গুৱাহাটীৰ প্ৰতিবেদক, ২৪ এপ্ৰিলঃ আম আদমী পাৰ্টীয়ে AAP) শুক্ৰবাৰে বিজেপিৰ (BJP) বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰি কয় যে দলটোৰ ৭ জন ৰাজ্যসভা সাংসদৰ দলত্যাগ এক বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ, যাক তেওঁলোকে “অপাৰেচন লোটাছ” বুলি অভিহিত কৰিছে।
নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ AAP নেতা Sanjay Singh-এ এই ঘটনাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে পাঞ্জাৱৰ জনগণে দল ত্যাগ কৰা নেতাসকলক কেতিয়াও ক্ষমা নকৰিব। তেওঁ এই পদক্ষেপৰ বাবে ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সতৰ্কবাণীও দিয়ে।
এই ঘটনাই AAP-লৈ এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে। দল ত্যাগ কৰা প্ৰধান নেতাসকলৰ ভিতৰত আছে Raghav Chadha, Sandeep Pathak, Swati Maliwal, Ashok Mittal আৰু প্ৰাক্তন ক্ৰিকেটাৰ Harbhajan Singh। এইসকল নেতাই বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে।
আলাদা সংবাদমেলত ৰাঘৱ চাড্ডাই দাবী কৰে যে AAP-ৰ ১০ জন ৰাজ্যসভা সাংসদৰ ভিতৰত ৭ জনেই দল এৰি গৈছে আৰু তেওঁলোকে এক গোট হিচাপে বিজেপিত মিলিত হ’ব।
এই ঘটনাৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী Bhagwant Mann-এ কয় যে এইটো ভোটাৰৰ বিশ্বাসঘাতকতা। তেওঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পাঞ্জাৱত চৰকাৰ অস্থিৰ কৰাৰ উদ্দেশ্যে এই ধৰণৰ ৰাজনৈতিক কৌশল গ্ৰহণ কৰা হৈছে। ভাগৱত মানে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে,
“বিজেপিয়ে পাঞ্জাৱৰ জনতাক প্ৰতাৰণা কৰিছে। একে ধৰণৰ ‘ৱাশিং মেচিন’ ৰাজনীতি পূৰ্বতে Sharad Pawar, Shiv Sena (UBT) আৰু Indian National Congress-ৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে। পাঞ্জাৱত বিজেপিৰ নিজা ভিত্তি নথকাৰ বাবে এই ধৰণৰ কৌশল ব্যৱহাৰ কৰা হৈছে।”
AAP-ৰ নেতাসকলে অভিযোগ কৰে যে এই দলত্যাগৰ মূল উদ্দেশ্য হৈছে পাঞ্জাৱত Bhagwant Mann-ৰ নেতৃত্বত চলি থকা চৰকাৰৰ কাম-কাজত বাধা সৃষ্টি কৰা, যদিও চৰকাৰখন উন্নয়নমূলক কামত অগ্ৰগতি লাভ কৰিছে বুলি তেওঁলোকে দাবী কৰে।
এই ৰাজনৈতিক পৰিস্থিতিয়ে AAP-ৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ লগতে পাঞ্জাৱ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
Post a Comment