তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা: বিহু নাচনী নিশামণি শালৈৰ মৃত্যু, ১০ৰো অধিক আহত
নিউজ ডেক্স, ২৫ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দৰ মাজতেই এক শোকাবহ দুৰ্ঘটনাই ৰাজ্যখনক আৱৰি ধৰিছে। তামুলপুৰ–নাগ্ৰীজুলি পথত শুক্ৰবাৰে নিশা এটা যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন ট্ৰেইলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এগৰাকী ২৫ বছৰীয়া বিহু নৃত্যশিল্পী নিশামণি হালৈৰ মৃত্যু হয় আৰু ১০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।
মৃত নিশামণি হালৈ তামুলপুৰৰ নিজ ঝাৰগাঁওৰ বাসিন্দা আৰু নলবাৰী জিলাৰ হৰিভঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুছৰি দল’ৰ সদস্যা আছিল। দুৰ্ঘটনাটোত তেওঁ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, AS-25-DC-5893 নম্বৰৰ ট্ৰেভেলাৰত প্ৰায় ৩০ জনীয়া বিহু দলটো বঙালীপাৰাৰ এখন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। সেই সময়তে নোৱাখাত অঞ্চলত বিপৰীত দিশৰ পৰা অহা PB 03 AP 6681 নম্বৰৰ ট্ৰেইলাৰৰ সৈতে ট্ৰেভেলাৰখনৰ মুখামুখি সংঘৰ্ষ হয়।এই দুৰ্ঘটনাত কমেও ১১ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নীতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চৰুৱা আৰু দিবাকৰ মৰাণ আদি অন্তৰ্ভুক্ত। ইয়াৰ মাজত পাঁচজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হৈছে।
দলটোৰ এজন সদস্যই জনোৱা মতে, “আমি বঙালীপাৰালৈ এখন প্ৰতিযোগিতাত অংশ ল’বলৈ গৈ আছিলোঁ। হঠাৎ এখন ট্ৰাক আগফালৰ পৰা আহি আমাৰ বাহনত ধাক্কা মাৰে, যাৰ ফলত এই ভয়ংকৰ সংঘৰ্ষ ঘটে।”
ইফালে, ইতিমধ্যে বঙালীপাৰাত উপস্থিত হোৱা ‘সোনালী অসম নলবাৰী হুছৰি দল’ৰ সদস্যসকলে ঘটনাৰ খবৰ পাই ততাতৈয়া ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকৰ মতে, “এগৰাকী শিল্পীয়ে প্ৰাণ হেৰুৱালে, আন বহুজন আহত হৈছে আৰু কেইবাজনৰ অৱস্থা সংকটজনক।”
Post a Comment