পৱন খেৰাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ মন্তব্য

পৱন খেৰাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ মন্তব্য

গুৱাহাটী প্ৰতিবেদক ,২৪ এপ্ৰিলঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত পৱন খেৰাৰ বিৰুদ্ধে দাখিল কৰা গোচৰত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে। আদালতে কয় যে Riniki Bhuyan Sharma-ৰ বিৰুদ্ধে কৰা অভিযোগসমূহ ভিত্তিহীন আৰু নিৰ্বাচনৰ সময়ত ভোটাৰসকলক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে কৰা হৈছিল।

আদালতে লক্ষ্য কৰে যে বিদেশী পাছপ’ৰ্ট, ডুবাইত সম্পত্তি আৰু বিদেশত বিনিয়োগ সম্পৰ্কীয় অভিযোগসমূহৰ কোনো প্ৰমাণ Pawan Khera-এ দাখল কৰিব নোৱাৰিলে। এই ঘটনাক কেৱল মানহানিৰ বিষয় নহয় বুলি আদালতে উল্লেখ কৰে।
আদালতে লগতে কয় যে ঘটনাটোৰ গভীৰ অনুসন্ধানৰ বাবে অভিযুক্তৰ কাষ্টডিয়েল জেৰাৰ প্ৰয়োজন আছে, যাতে ভুৱা নথি আৰু ভ্ৰান্ত তথ্য কেনেকৈ সৃষ্টি আৰু প্ৰচাৰ কৰা হৈছিল সেয়া স্পষ্ট হয়।
আদালতে Riniki Bhuyan Sharma-ক এজন “নিৰ্দোষ ব্যক্তি” বুলি অভিহিত কৰি ৰাজনৈতিক বিষয়ত অপ্রয়োজনীয়ভাৱে জড়িত কৰা হৈছে বুলিও মন্তব্য কৰে।

Post a Comment

Previous Post Next Post