জামুগুৰিহাটৰ শেনচোৱা পথাৰত ১৮ টাকৈ শগুণৰ কৰুণ মৃত্যু
প্ৰকৃতিৰ জমাদাৰৰ সুৰক্ষাক লৈ উদ্বেগ
আজিৰ কণ্ঠ,৭ এপ্ৰিল: প্ৰকৃতিৰ অমূল্য সম্পদ আৰু পৰিৱেশৰ অন্যতম 'জমাদাৰ' হিচাপে পৰিচিত শগুণৰ ওপৰত পুনৰ মানৱ সৃষ্ট বিষক্ৰিয়াৰ প্ৰভাৱ পৰিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শেনচোৱা পথাৰত দেওবাৰে সংঘটিত এক মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা কুকুৰক লক্ষ্য কৰি দিয়া বিষৰ কৱলত পৰি প্ৰাণ হেৰুৱালে ১৮ টাকৈ আপুৰুগীয়া শগুণে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, জামুগুৰিহাটৰ এই অঞ্চলটোত এটা কুকুৰে এটা গৰু পোৱালিক কামুৰি মৃত্যু ঘটাইছিল। ইয়াতে ক্ষুব্ধ হৈ কোনো অচিনাক্ত লোকে কুকুৰটোক মাৰিবলৈ মৃত গৰু পোৱালিটোৰ দেহত বিষাক্ত দ্ৰব্য মিহলাই দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, উক্ত মৃত গৰু পোৱালিটো ভক্ষণ কৰিবলৈ এজাক শগুণ তালৈ নামি আহে। বিষ মিশ্ৰিত মাংস ভক্ষণ কৰাৰ কিছু সময়ৰ পাছতেই ১৮ টাকৈ শগুণৰ থিতাতে মৃত্যু ঘটে।
এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে মানুহৰ সামান্য অসচেতনতা আৰু প্ৰতিশোধমূলক কাৰ্যই কেনেকৈ পৰিৱেশ তন্ত্ৰৰ অপূৰণীয় ক্ষতি কৰিব পাৰে।
উল্লেখ্য যে শগুণে মৃত জীৱ-জন্তু খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে আৰু মহামাৰী ৰোগ বিয়পাত বাধা দিয়ে। ১৮ টাকৈ শগুণ একেলগে মৃত্যু হোৱাৰ অৰ্থ হ’ল প্ৰকৃতিৰ এক ডাঙৰ সুৰক্ষা কবচ খহি পৰা।
বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ অধীনত এনেদৰে বিষ দি শগুণ হত্যা কৰাটো এক গুৰুতৰ অপৰাধ।
ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ এটা দল শেনচোৱা পথাৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিভাগীয় লোকে মৃত শগুণ কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে এই অমানৱীয় কাণ্ডৰ সৈতে জড়িত দোষীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। প্ৰকৃতিপ্ৰেমী তথা স্থানীয় ৰাইজে চৰকাৰ আৰু বন বিভাগক এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। একে সময়তে, কৃষিপথাৰ বা জনবসতিপূৰ্ণ অঞ্চলত এনেদৰে বিষ প্ৰয়োগ নকৰিবলৈও সজাগতা সৃষ্টিৰ আহ্বান জনোৱা হৈছে।
পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ সৌজ্যনত
Post a Comment