পুষ্প সজ্জিত বাহনত উঠি অন্তিম দিনা বোকাখাতত অতুল বৰাৰ অভূতপূৰ্ব শক্তি প্ৰদৰ্শন

পুষ্প সজ্জিত বাহনত উঠি অন্তিম দিনা বোকাখাতত অতুল বৰাৰ অভূতপূৰ্ব শক্তি প্ৰদৰ্শন

■তৃতীয় বাৰ বাবে বোকাখাত সমষ্টিত বিধায়ক হ'ব অতুল বৰা : সমৰ্থক ৰাইজ 

 প্ৰতিবেদক বোকাখাত, ৭ এপ্ৰিল:
১০৫ নং বোকাখাত বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটো একপ্ৰকাৰ উৎসৱৰ ৰূপ লয়। অগপৰ সভাপতি তথা এনডিএ সমৰ্থিত প্ৰাৰ্থী অতুল বৰাৰ সমৰ্থনত দহ সহস্ৰাধিক সমৰ্থকৰ অংশগ্ৰহণেৰে এক বিশাল ৰেলী আৰু শক্তি প্ৰদৰ্শন অনুষ্ঠিত হয়। পুৱাৰে পৰা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত উৎসাহ-উদ্দীপনাৰে ভৰা পৰিবেশে ৰাজনৈতিক উষ্মা অধিক তীব্ৰ কৰি তোলে।


সমষ্টিটোৰ প্ৰায় ২০ খন পঞ্চায়তৰ পৰা সহস্ৰাধিক ৰাইজ মটৰচাইকেল, গাড়ী আৰু চাইকেল লৈ একাধিক ৰেলীৰ জৰিয়তে ওলাই আহি অতুল বৰাৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰে। গাঁৱে গাঁৱে, চাহ বাগিচাই বাগিচাই সমৰ্থকসকলৰ এই স্বতঃস্ফূর্ত অংশগ্ৰহণে সমষ্টিৰ ৰাজনৈতিক পৰিস্থিতিত বিশেষ তাৎপৰ্য বহন কৰিছে বুলি স্থানীয় মহলে মন্তব্য কৰিছে। ইফালে কাজিৰঙা অঞ্চলতো অতুল বৰাৰ নেতৃত্বত অগপ , বিজেপি, গণ শক্তিৰ সমৰ্থক সকলে এক বিশাল বাইক ৰেলী বাহিৰ হৈ পৰিবেশ উত্তাল কৰি তোলে। শ শ বাইকৰ একেলগে চলাচল, পতাকা আৰু শ্ল’গানেৰে অঞ্চলটো একেবাৰে উজ্জীৱিত হৈ উঠে। এই ৰেলীত অংশগ্ৰহণ কৰা যুৱসমাজৰ উৎসাহ বিশেষভাৱে লক্ষ্যণীয় আছিল। ইয়াৰ উপৰিও বোকাখাত নগৰৰ মাজমজিয়াত এখন পুষ্প সজ্জিত বাহনত উঠি অতুল বৰাই দহ সহস্ৰাধিক সমৰ্থকক লগত লৈ এক বৃহৎ শোভাযাত্ৰা বাহিৰ কৰে।
নগৰৰ মুখ্য পথসমূহত এই ৰেলী পৰিক্ৰমা কৰাৰ সময়ত দোকান-পোহাৰৰ আগত থিয় হৈ থকা সাধাৰণ ৰাইজেও হাত তুলি অভ্যৰ্থনা জনোৱা দৃশ্য দেখা যায়। “এনডিএ জিন্দাবাদ”, “অতুল বৰা জিন্দাবাদ” ধ্বনিৰে সমগ্ৰ পৰিবেশ মুখৰিত হৈ উঠে।ৰেলীত অংশগ্ৰহণ কৰি অতুল বৰাই নিজৰ ভাষণত কয় যে ৰাইজৰ অকুণ্ঠ সমৰ্থন আৰু আশীৰ্বাদে তেওঁক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে। তেওঁ দৃঢ়ভাৱে কয়— “বোকাখাতৰ ৰাইজে এইবাৰো উন্নয়নৰ পথ বাচি ল’ব। এনডিএ এই সমষ্টিত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে। আমাৰ লক্ষ্য কেৱল নিৰ্বাচন জয় নহয়, জনতাৰ সেৱা আৰু সমগ্ৰ সমষ্টিৰ সামগ্ৰিক উন্নয়ন।” নিজৰ জন্মদিন উপলক্ষে শুভেচ্ছা আৰু আশীৰ্বাদ জনোৱা সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় “আজি মোৰ বাবে এটা বিশেষ দিন। এই দিনটোত মৰম, শুভেচ্ছা আৰু আশীৰ্বাদ জনোৱা প্ৰতিজনক মই আন্তৰিক প্ৰণাম জনাইছো। এই মৰম আৰু বিশ্বাসেই মোক আগবাঢ়ি যাবলৈ শক্তি দিয়ে।”তেওঁ আৰু কয় যে ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই তেওঁ এখন শক্তিশালী, উন্নত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি লৈ আগবাঢ়িছে। বোকাখাত সমষ্টিক বিকাশৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁ প্ৰতিপল দায়বদ্ধ হৈ থাকিব বুলি উল্লেখ কৰে। সৰ্বাংগীণ উন্নয়ন, সামাজিক সম্প্ৰীতি, শান্তি আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লক্ষ্য লৈ আগবাঢ়ি যোৱা এই যাত্ৰাত ৰাইজৰ সহায়-সহযোগিতা চিৰকাম্য বুলি তেওঁ মন্তব্য কৰে। আনহাতে, নিজৰ ভাষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি অতুল বৰাই অভিযোগ কৰে যে কংগ্ৰেছে বছৰ বছৰ ধৰি প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত ৰাইজক প্ৰতাৰণা কৰিছে। বিভ্ৰান্তিমূলক ৰাজনীতিৰে ৰাইজক ভুল পথে নিয়াৰ চেষ্টা চলোৱা বুলি তেওঁ কংগ্ৰেছক অভিযুক্ত কৰে। এনডিএয়ে উন্নয়নৰ ৰাজনীতিৰে ৰাইজৰ বিশ্বাস অৰ্জন কৰিছে বুলি তেওঁ দৃঢ়ভাৱে দাবী কৰে। এই বিশাল সমাগম, ব্যাপক ৰেলী আৰু ৰাইজৰ উচ্ছ্বাসে বোকাখাত সমষ্টিত এনডিএৰ শক্তিশালী অৱস্থান পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে বুলি সমৰ্থক সকলে মত প্ৰকাশ কৰিছে। নিৰ্বাচনৰ পূৰ্বমুহূৰ্তত এনে বিপুল জনসমাগমে ফলাফলত কিমান প্ৰভাৱ পেলাব, সেই বিষয়ে ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে।


Post a Comment

Previous Post Next Post