বোকাখাতত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে অতুল বৰা

বোকাখাতত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে অতুল বৰাই:
বোকাখাতত ভোটৰ হাৰ ৮১.৮৯ শতাংশ, শান্তিপূৰ্ণ ভোটগ্ৰহণ সম্পন্ন:

বোকাখাত, প্ৰতিবেদক ,৯ এপ্ৰিল: 
৮১.৮৯ শতাংশ ভোটৰ হাৰেৰে সমগ্ৰ ৰাজ্যৰ লগতে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আজি অসম বিধানসভাৰ নিৰ্বাচনৰ শান্তিপূৰ্ণ ভোটগ্ৰহণ সম্পন্ন হৈ যায়। গৃহ সমষ্টি বোকাখাতত আজি সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে অগপ সভাপতি অতুল বৰাই। পত্নী বুলবুলি বৰা, কন্যা পূৰ্বাশা বৰা সহ ভোটাধিকাৰ সাব্যস্ত কৰিলে অগপ সভাপতি গৰাকীয়ে। বোকাখাতৰ হাই প্ৰফাইল ভোট কেন্দ্ৰ জ্যোতি বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয় ১৪৬ নং ভোটকেন্দ্ৰত আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী, বিগত দুটা কাৰ্যকালৰ বোকাখাতৰ বিধায়ক অতুল বৰাৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে দুটাকৈ কাৰ্যকালৰ বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে। বোকাখাত বিধানসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৬ গৰাকী প্ৰাৰ্থীৰ ক্ৰমে মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰা, বিৰোধী ঐক্যৰ প্ৰাৰ্থী হৰি প্ৰসাদ শইকীয়া, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে জিতেন গগৈ, বিবেকানন্দ ৰাজোৱাৰ, প্রণৱ দলে আৰু হেমন্ত দলৈয়ে। বোকাখাত সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৬৪,৬৪৮ আৰু ১১ টা নগৰ, ২০১ গ্রামীণভোট কেন্দ্ৰক ধৰি বোকাখাত সমষ্টিৰ মুঠ ভোট কেন্দ্ৰ ২১২ টা। বোকাখাত সমষ্টিত ভোটাৰ ৰাইজৰ সঁহাৰি উল্লেখনীয়, উলাহ দেখা পোৱা গৈছে ভোটাৰ ৰাইজৰ মাজত। সদলেবলে ওলাই আহি ভোট কেন্দ্ৰত শাৰী পাতি ৰোৱা প্ৰাপ্তবয়স্ক ভোটাৰৰ লগতে ভোট দিলেহি আবাল বৃদ্ধ, শাৰিৰীকভাৱে অসুস্থ ব্যক্তি আৰু সন্তানসম্ভৱা মহিলাইও। লগতে হুইল চেয়াৰত বহি ভোট দিবলৈ অহা দেখা গ'ল বিশেষভাৱে সক্ষম ব্যক্তিক। পুৱাৰ ভাগত স্থান বিশেষে সামান্য বৰষুণ হৈছিল যদিও বৰষুণে ভোট গ্ৰহণত প্ৰভাৱ পোলোৱা বিশেষ পৰিলক্ষিত নহ'ল। অৱশ্যে পৰৱৰ্তী সময়ৰ পৰা ভোটগ্ৰহণ সমাপ্ত হোৱালৈ বতৰ গোমা যদিও বৰষুণ নোহোৱাৰ বাবে বোকাখাত সমষ্টিত বতৰেও যেন সহায় কৰিলে ভোটগ্ৰহণত। এইবাৰৰ নিৰ্বাচনৰ সময়ছোৱাত এতিয়ালৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাতৰি অহা নাই। ভোটকেন্দ্ৰ সমূহৰ পৰিচালনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভিযোগৰ বাতৰি এই মুহূৰ্তলৈ অহা নাই। অৱশ্যে ড্ৰাই ডে' ঘোষণাৰ মাজতে বুধবাৰে দুই এঠাইত অবৈধভাৱে ৰখা সুৰা জব্দ হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখ্য যে বোকাখাত সমজিলাত আছে যথেষ্ট সংখ্যক চাহ বাগিচা অঞ্চল। আনহাতে অঞ্চলটোৰ জনগাঁথনিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে মিচিং জনগোষ্ঠীয় সমাজ। এই দুই জনগোষ্ঠীৰ প্ৰভাৱিত অঞ্চলত আজি সন্তোষজনক সংখ্যক ভোটগ্ৰহণ সম্পন্ন হোৱা পৰিলক্ষিত হ'ল। মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ সভাপতি অতুল বৰাই পূৰ্বতকৈও অধিক সংখ্যক ভোটত জয়লাভ কৰাৰ আশা প্ৰকট কৰিছে। "বোকাখাতত মোৰ প্ৰতিদ্বন্দ্বী নাই" বুলি দাবী কৰি ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অতুল বৰাই কয় যে ৰাজনৈতিকভাৱে ৰাইজ অধিক সচেতন হৈছে আৰু এই সচেতনতাই ভোটগ্ৰহণৰ হাৰ বৃদ্ধি কৰিব বুলি মত প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post