বোকাখাতত জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী আয়োজন: ঢোল-পেপাৰ মাতত "বহাগ বিহু আদৰণি"
পৰম্পৰাগত হুচৰি, গগনা আৰু বিহুৰে উখল-মাখল বিদ্যালয় প্ৰাংগণ
পল্লৱ হাজৰিকা, বোকাখাত, ১১ এপ্ৰিল, ২০২৬ :অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ মাজতে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। এই পৰিৱেশৰ মাজতে আজি বোকাখাতৰ অগ্ৰণী শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰাংগনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।
বিদ্যালয়খনৰ বিশেষ উদ্যোগত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয় “বহাগ বিহু আদৰণি” অনুষ্ঠান। প্ৰতি বছৰৰ দৰে এইবেলিও ছাত্ৰ-ছাত্ৰীসকলক স্বকীয় সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে পৰিচয় কৰোৱাৰ লক্ষ্যৰে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, বহাগ বিহু উপলক্ষে ১৩ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ বিদ্যালয় বন্ধ থাকিব, সেয়ে বন্ধৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় চেতনা আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা গঢ়ি তুলিবলৈ এই আগতীয়া আয়োজন কৰা হয়। আজি পুৱাৰ পৰাই বিদ্যালয়ৰ চৌহদ কঁপাই তোলে ঢোল, পেপা আৰু গগনাৰ মাতে। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল পৰম্পৰাগত হুচৰি পৰিৱেশন। এজোৰা হুচৰি দলে ঢোল-পেপাৰ গৰ্জনেৰে সম্পূৰ্ণ নিয়ম-নীতি পালন কৰি হুচৰি প্ৰদৰ্শন কৰে, যিয়ে উপস্থিত সকলোকে আপ্লুত কৰে।
এই ধৰণৰ আয়োজনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া লোক-সংস্কৃতিৰ চৰ্চা জীয়াই ৰখাৰ লগতে নতুন প্ৰজন্মক বিহুৰ প্ৰকৃত মহত্ত্বৰ সৈতে চিনাকি কৰোৱাৰ এক উল্লেখযোগ্য প্ৰয়াস বুলি স্থানীয় ৰাইজে অভিহিত কৰিছে।
Post a Comment