‘ৰাইজৰ খবৰ’ৰ ২০ সংখ্যক বৰ্ষপূৰ্তি: ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন:
সৃষ্টিশীলতা আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে উৎসাহব্যঞ্জক আয়োজন
নিজস্ব প্ৰতিবেদক, বোকাখাত ১১ এপ্ৰিল, ২০২৬: বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ পৃষ্ঠপোষকতাত আৰু বোকাখাত জে ডি চি জি মহাবিদ্যালয়ৰ 'আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ' তথা নুমলীগড় শোধনাগাৰৰ সহযোগত জনপ্ৰিয় বাতৰি কাকত 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান অহা ২৬ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বোকাখাত জে ডি চি জি মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লোৱা হৈছে।
উল্লেখযোগ্য যে, উক্ত দিনাখন এটি বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে— "বিকশিত ভাৰতৰ দিশে: যুৱ শক্তিৰ সম্ভাৱনীয়তা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা"। অনুষ্ঠানৰ অন্যান্য আকৰ্ষণসমূহ:
■ প্ৰবন্ধ প্ৰতিযোগিতা: সদৌ অসম ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
- সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত সদৌ অসম ভিত্তিত একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
- বিশেষ সম্বৰ্ধনা: সংবাদ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অনুষ্ঠানত দুগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব।
প্ৰতিযোগিতাৰ বিজয়ীসকলক নগদ ধন, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে। 'ৰাইজৰ খবৰ'ৰ এই গৌৰৱোজ্জ্বল ২০ বছৰীয়া যাত্ৰাৰ বৰ্ষপূৰ্তি অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হৈছে।
প্ৰতিযোগিতা বা অনুষ্ঠানৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহীসকলে ৭০০২২৬২৭৯৬, ৮৬৩৮৭৩১৩২৩ অথবা ৬০০১৬৮১৮৩ নম্বৰত যোগাযোগ কৰিব পাৰিব।
উল্লেখযোগ্য যে, দুটা দশক ধৰি ‘ৰাইজৰ খবৰ’ কাকতে বোকাখাত তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত নিৰপেক্ষ আৰু জনমুখী সাংবাদিকতাৰ এক দৃঢ় ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্ষপূৰ্তিৰ এই আয়োজনেও সমাজৰ নতুন প্ৰজন্মক উৎসাহিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হব।
Post a Comment