বোকাখাতত এনডিএ প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ, পাঠৰীত ২০ জন পুৰুষ মহিলাৰ বিজেপিত যোগদান


বোকাখাতত এনডিএ প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ, পাঠৰীত ২০ জনৰ বিজেপিত যোগদান

দুসুতিমুখ পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত সভাত বিভিন্ন দলৰ কৰ্মীৰ উপস্থিতি

প্ৰতিবেদক মহুৰামুখ, ৬ এপ্ৰিল :আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্তত এনডিএ প্ৰাৰ্থীয়ে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। গাঁওে গাঁওে, চোতালে চোতালে ৰাইজৰ কাষ চাপি সমৰ্থন লাভৰ চেষ্টা চলাই আছে প্ৰাৰ্থীগৰাকীয়ে।ইয়াৰ অংশ হিচাপে আজি দুসুতিমুখ পঞ্চায়তৰ অন্তৰ্গত পাঠৰী গাঁৱত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। দুসুতিমুখ পঞ্চায়তৰ পাঠৰী মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত ব্যাপক সঁহাৰি লক্ষ্য কৰা যায়।

সভাখনত কংগ্ৰেছ আৰু আন আন দলৰ মুঠ ২০ জন সদস্যই বিজেপিৰ নীতি আৰু আদৰ্শত আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীয়ে অঞ্চলটোত ৰাজনৈতিক পৰিৱেশত নতুন গতি সঞ্চাৰ কৰা বুলি ধাৰণা কৰা হৈছে।

উক্ত সভাখনত বিজেপি জিলা সমিতিৰ সভাপতিৰ লগতে অগপ, গণশক্তি আদি মিত্ৰদলৰ বহুতো কৰ্মী-সমৰ্থক উপস্থিত থাকে। লগতে আঞ্চলিক সদস্যা, দুসুতিমুখ পঞ্চায়তৰ সভানেত্ৰী আৰু বিভিন্ন দলৰ বিষয়ববীয়াসকলেও সভাত অংশগ্ৰহণ কৰে।

সভাত বক্তাসকলে এনডিএ চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে আগন্তুক নিৰ্বাচনত পুনৰ সমৰ্থন জনাবলৈ আহ্বান জনায়।

Post a Comment

Previous Post Next Post