বোকাখাতৰ বিহৰাত বিশাল নিৰ্বাচনী সভা : বিজেপি-অগপ-গণশক্তিৰ ঐক্যক “ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ”ৰ সৈতে তুলন বিজেপি সভাপতি দিলীপ শইকীয়াৰ

বোকাখাতত এনডিএৰ বিশাল শক্তি প্ৰদৰ্শন, কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ শিৱৰাজ সিং চৌহান-অতুল বৰা-দিলীপ শইকীয়াৰ 

“উন্নয়নৰ ৰাজনীতিৰে এনডিএ, প্ৰতিশ্ৰুতি ভংগ আৰু বিভ্ৰান্তিৰ ৰাজনীতি কংগ্ৰেছৰ” – অতুল বৰা
বিজেপি-অগপ-গণশক্তিৰ ঐক্যক “ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ”ৰ সৈতে তুলনা দিলীপ শইকীয়াৰ

নিউজ ডেক্স,  আজিৰ কণ্ঠ ৫ এপ্ৰিলঃ
বোকাখাত সমষ্টিৰ বিহৰা চাহ বাগিছা খেল পথাৰত অনুষ্ঠিত এনডিএৰ “বিজয় সংকল্প সভা” এক বৃহৎ শক্তি প্ৰদৰ্শনত পৰিণত হয়। পাঁচ সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণে সভাখন উত্তাল কৰি তোলে আৰু নিৰ্বাচনৰ পূৰ্বমুহূৰ্তত সমষ্টিটোত ৰাজনৈতিক তাপমান যথেষ্ট বৃদ্ধি পায়। সভাত অগপৰ সভাপতি তথা মিত্ৰযোঁটৰ প্ৰাৰ্থী অতুল বৰাই দাবী কৰে যে ৰাইজে পুনৰবাৰ এনডিএক সমৰ্থন আগবঢ়োৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰিছে। তেখেতে কংগ্ৰেছ দলক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰি কয় যে দীৰ্ঘকাল ধৰি কংগ্ৰেছ শাসনে অসমৰ জনসাধাৰণক কেৱল প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা দেখুৱাব পৰা নাই।

তেখেতে কয়—“কংগ্ৰেছৰ ৰাজনীতি হৈছে বিভ্ৰান্তি সৃষ্টি কৰা আৰু নিৰ্বাচনৰ সময়ত ৰাইজৰ আৱেগক ব্যৱহাৰ কৰা। বৰ্তমান ৰাইজ সজাগ হৈছে আৰু বাস্তৱ উন্নয়ন বিচাৰে, যি এনডিএয়ে প্ৰদৰ্শন কৰিছে।”

সভাত উপস্থিত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কংগ্ৰেছ শাসনৰ ওপৰত কঠোৰ সমালোচনা কৰি কয় যে সেই সময়ছোৱাত অসমৰ পৰিকাঠামো অত্যন্ত দুৰ্বল আছিল। বাট-পথ, বিদ্যুৎ আৰু মৌলিক সুবিধাৰ অভাৱৰ কথা উল্লেখ কৰি তেখেতে কংগ্ৰেছ চৰকাৰক অসমৰ উন্নয়নৰ পথত বাধা সৃষ্টি কৰাৰ অভিযোগ তোলে।
দিনৰ ভাগত তেখেতে বিহৰা চাহ বাগিছাত মহিলা শ্ৰমিকৰ সৈতে মতবিনিময় কৰাৰ উপৰিও নিজে চাহপাত চিঙি শ্ৰমিকসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে।

ইফালে, কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এনডিএ চৰকাৰৰ দিনত কৃষি খণ্ডত গুৰুত্বপূৰ্ণ পৰিৱর্তন আহিছে। কৃষকৰ আয় বৃদ্ধি, আধুনিক পদ্ধতিৰ ব্যৱহাৰ আৰু বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকল অধিক আত্মনিৰ্ভৰশীল হোৱা বুলি তেখেতে উল্লেখ কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছৰ সংগঠনগত দুৰ্বলতা আৰু নেতৃত্ব সংকটক লক্ষ্য কৰি কয় যে দলটোৰ কোনো স্পষ্ট দিশ নাই আৰু তেওঁলোক বিভাজনমূলক ৰাজনীতিৰে ব্যস্ত। তেখেতে লগতে বোকাখাতত অতুল বৰাক পৰাভূত কৰিব পৰা শক্তি নাথাকা বুলি দাবী কৰি বিজেপি-অগপ-গণশক্তিৰ ঐক্যক “ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ”ৰ সৈতে তুলনা কৰে।

সভাত বক্তাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়নৰ নতুন যুগ আৰম্ভ হোৱা বুলি দাবী কৰে। পথ-ঘাট, স্বাস্থ্য, শিক্ষা, কৃষি আৰু পৰ্যটন খণ্ডত দৃশ্যমান উন্নয়ন হোৱা বুলি উল্লেখ কৰা হয়।

সভাখনৰ অন্তত “অতুল বৰা জিন্দাবাদ” আৰু “মিত্ৰযোঁট জিন্দাবাদ” ধ্বনিৰে পৰিৱেশ মুখৰিত হৈ উঠে। ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, এই সভাই বোকাখাতত এনডিএৰ সংগঠনগত শক্তি আৰু নিৰ্বাচনী প্ৰস্তুতিৰ এক স্পষ্ট ছবি দাঙি ধৰিছে।

Post a Comment

Previous Post Next Post