গোলাঘাটত কলা বীথিকাত ইনজু আহমেদৰ “The Mirror” শীৰ্ষক একক চিত্ৰ প্ৰদৰ্শনী :
◾ পল্লৱ হাজৰিকা, বোকাখাত,২৩ মাৰ্চ: দীৰ্ঘদিন ধৰি গণমুখী চিন্তা-চৰ্চাৰ আধাৰত ৰাজনৈতিক ভাবধাৰাৰ চিত্ৰ অংকনত নিজস্ব স্বকীয়তা গঢ়ি তোলা চিত্ৰশিল্পী তথা বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদৰ “The Mirror” শীৰ্ষক একক চিত্ৰ প্ৰদৰ্শনী দেওবাৰৰ পৰা গোলাঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। গোলাঘাট চাৰুকলা বিদ্যালয় আৰু বোকাখাতৰ প্ৰয়াস আৰ্ট গেলেৰীৰ যৌথ সহযোগত আয়োজিত এই প্ৰদৰ্শনীখন গোলাঘাটৰ কলা বীথিকাত অনুষ্ঠিত হৈছে।
প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সম্পাদক তথা বিশিষ্ট চিত্ৰশিল্পী নিখিলেশ্বৰ বৰুৱাই। এই অনুষ্ঠানত বিশিষ্ট লেখক, সাহিত্যিক আৰু চিকিৎসক ডাঃ কুমুদ কুমাৰ দত্তই বিশেষভাৱে সহযোগ আগবঢ়ায়।
দেওবাৰে প্ৰদৰ্শনী উপলক্ষে আয়োজন কৰা বিশেষ সভাখনত শতাধিক কলা অনুৰাগীয়ে অংশগ্ৰহণ কৰে। সভাত বিশিষ্ট চিত্ৰশিল্পী ত্ৰিদিৱ দত্ত, পৰীক্ষিত বৰুৱা, পাপু ঘোস, প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰ, সম্পাদক সোনেশ্বৰ নৰহকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
সভাখনত চিত্ৰশিল্পী ইনজু আহমেদৰ গণমুখী চিত্ৰসমূহৰ ওপৰত বিশদ আলোচনা কৰাৰ লগতে সাম্প্ৰতিক অসম আৰু ভাৰতবৰ্ষৰ চিত্ৰকলাৰ পৰিস্থিতি সম্পৰ্কেও গঠনমূলক আলোচনা অনুষ্ঠিত হয়। গোলাঘাট কলা বীথিকাৰ হৈ ভৱকান্ত শইকীয়াই আদৰণী ভাষণ আগবঢ়ায় আৰু অনুষ্ঠানটি সঞ্চালনা কৰে চিত্ৰশিল্পী মনজিৎ ৰাজখোৱাই।
এই সভাৰেই অংশ হিচাপে গোলাঘাট কলা বীথিকাৰ বাৰ্ষিক মুখপত্ৰ “দৃষ্টি” উন্মোচন কৰে নিখিলেশ্বৰ বৰুৱা আৰু ত্ৰিদিৱ দত্তই। ইয়াৰ লগতে প্ৰয়াস অধ্যয়ন চক্ৰই প্ৰকাশ কৰা ইনজু আহমেদৰ “The Mirror” শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়, যাক উন্মোচন কৰে বিশিষ্ট বাওঁপন্থী নেতা, কবি আৰু সমালোচক পিকুমণি দত্তই।
২২০ টকা মূল্যৰ এই গ্ৰন্থখনত শিল্পীগৰাকীৰ একাধিক চিত্ৰ, ইতিপূৰ্বে অংকন কৰা গ্ৰন্থৰ বেটুপাতসমূহৰ সংকলন, লগতে “যুক্তিবাদী চিন্তাৰ বিকাশত চিত্ৰকলাৰ প্ৰভাৱ” আৰু “শিশু চিত্ৰঃ ব্যক্তিত্ব বিশ্লেষণৰ এক মাধ্যম” শীৰ্ষক গুৰুত্বপূৰ্ণ প্ৰবন্ধ দুটা সন্নিৱিষ্ট কৰা হৈছে।
প্ৰদৰ্শনীখনত দৰ্শকৰ যথেষ্ট সঁহাৰি পৰিলক্ষিত হৈছে আৰু কলা অনুৰাগীসকলৰ মাজত এক সজীৱ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে।
Post a Comment