মহুৰামুখত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন


মহুৰামুখত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন:
২৫২ গৰাকী ৰোগীৰ বিনামূলীয়া পৰীক্ষা, ১৫৭ জনক চচমা প্ৰদান; ২১ জনৰ বাবে বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা
মহুৰামুখৰ পৰা মনিকাঞ্চন ফুকনৰ প্ৰতিবেদন ২১ মাৰ্চ : এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ উদ্যোগত, যোৰহাট লায়ন্স ক্লাবৰ সহযোগত আৰু মহুৰামুখ যুৱক নাট্য সংঘৰ সৌজন্যত আজি মহুৰামুখ যুৱক নাট্য সংঘৰ প্ৰেক্ষাগৃহত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।
শিবিৰখনত মুঠ ২৫২ গৰাকী ৰোগীৰ বিনামূলীয়াকৈ চকু পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ১৫৭ গৰাকী ৰোগীক বিনামূলীয়াকৈ চচমা প্ৰদান কৰা হয়। আনহাতে, চানি পৰা ৰোগ ধৰা পৰা প্ৰায় ২১ গৰাকী ৰোগীক যোৰহাট লায়ন্স চকু চিকিৎসালয়ত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, এই ৰোগীসকলক অহা ২৩ মাৰ্চ তাৰিখে শিবিৰস্থলীৰ পৰা যোৰহাটলৈ লৈ যোৱা হ’ব আৰু তেওঁলোকৰ থকা-খোৱা আৰু চিকিৎসাৰ সকলো ব্যয় বিনামূলীয়াকৈ বহন কৰা হ’ব। চিকিৎসাৰ পাছত পুনৰ শিবিৰ অনুষ্ঠিত হোৱা স্থানলৈ ঘূৰাই অনাৰ ব্যৱস্থাও কৰা হ’ব বুলি কৰ্তৃপক্ষই জনায়।
শিবিৰখন উদ্বোধন কৰে লায়ন্স চকু চিকিৎসালয়ৰ মূখ্য সমন্বয়ক ডাঃ কৰবী শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ সমন্বয়ক হিৰণ্য বৰুৱা আৰু লায়ন্স ক্লাবৰ সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰ।
এনেধৰণৰ মানৱ দৰদী উদ্যোগৰ বাবে স্থানীয় ৰাইজে সংশ্লিষ্ট সকলো অনুস্থানক ভূয়সী প্ৰশংসা জনায়।

Post a Comment

Previous Post Next Post