ঠেঙালগাঁৱৰ বিস্ময়কৰ বাখৰ-বেঙেনা গছক লৈ চৰ্চা বৃদ্ধি, সংৰক্ষণৰ দাবী ৰাইজৰ
ইতিহাস, জনশ্ৰুতি আৰু বিজ্ঞানৰ মাজত আবদ্ধ এক বিস্ময়কৰ বৃক্ষ
শিৱসাগৰৰ বকতাৰ পৰা গোলাঘাটলৈ বিস্ময়কৰ উদ্ভিদৰ বিস্তাৰ—গৱেষণাৰ অভাৱত অজানিতে ৰৈছে বহু তথ্য
কমাৰগাঁৱৰ পৰা মহেন শইকীয়াৰ প্ৰতিবেদন ২১ মাৰ্চ: অসমৰ শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ ৰাজহ চক্ৰৰ বকতা মৌজাৰ চৰুভঙা দিহি ভীয়া গাঁৱত অৱস্থিত বিস্ময়কৰ বৃক্ষ “বাখৰ-বেঙেনা”ক লৈ পুনৰ এবাৰ জনসাধাৰণৰ মাজত ব্যাপক আগ্ৰহ আৰু চৰ্চা আৰম্ভ হৈছে। এই গছজোপাক কেন্দ্ৰ কৰি অঞ্চলটোৰ নামকৰণো “বকতা নেমুগুৰী” বুলি পৰিচিত হৈ পৰিছে।
স্থানীয় লোকৰ মতে, বাখৰ-বেঙেনা গছজোপা বিশ্বৰ ভিতৰতে অদ্বিতীয় হ’ব পাৰে। ১৯৩৯ চনত বিখ্যাত উদ্ভিদবিদ ইউ. এন. কেনচিলাই এই গছজোপা চিনাক্ত কৰিছিল বুলি কোৱা হয়। আনহাতে, গছজোপা প্ৰায় ৫০০ বছৰ পুৰণি বুলি জনা যায়, যি বিষয়টোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, এই বিস্ময়কৰ গছৰ এটি শাখা আনি গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ওচৰৰ ঠেঙালগাঁৱৰ নামঘৰৰ চৌহদত ৰোপণ কৰা হৈছিল। বকতাৰ চৰুভঙাৰ জীয়ৰী সবিতা, যিয়ে ১৯৯৬ চনত ঠেঙালগাঁৱৰ বাসিন্দা জীৱন বৰাৰ সৈতে বিবাহসূত্ৰে এই গাঁৱলৈ আহিছিল, তেওঁ ২০০১ চনত গছজোপাৰ তিনিটা ডাল আনি বিভিন্ন নিয়ম-কানুন মানি ৰোপণ কৰে। ইয়াৰ ভিতৰত এটা ডালহে সজীৱ হৈ বৰ্তমান এক সুস্থ গছ হিচাপে বিকশিত হৈছে।
বৰ্তমান প্ৰায় আঠ ফুট উচ্চতাৰ এই গছজোপাত কেবাবছৰ ধৰি ফল ধৰিবলৈ ধৰিছে। গছজোপাৰ পাতৰ ঠাৰি প্ৰায় ০.৫ ছেণ্টিমিটাৰ দীঘল, পাতৰ প্ৰস্থ ৫-৭ ছেণ্টিমিটাৰ আৰু দৈৰ্ঘ্য ১৫-১৮ ছেণ্টিমিটাৰ। বকতা আৰু ঠেঙালগাঁৱৰ বাখৰ-বেঙেনা গছ দুয়োটাৰ মাজত যথেষ্ট সাদৃশ্য দেখা পোৱা যায়।
এই দুয়োটা গছক লৈ বিশেষভাৱে অধ্যয়ন কৰিছিল কমাৰগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মানিক ফুকনে। তথাপিও, এতিয়ালৈকে কোনো বিস্তৃত বৈজ্ঞানিক গৱেষণা সম্পন্ন নোহোৱাত গছ দুজোপা সঁচাকৈয়ে বিশ্বৰ ভিতৰত বিৰল নে নহয়, সেই বিষয়ে নিশ্চিত তথ্য পোৱা নগ’ল।
ইতিহাস অনুসৰি, বৰাহী ৰজা মহামনিক্যই নিজৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ বাবে এই বাখৰ-বেঙেনা গছ ৰোপণ কৰিছিল বুলি এক জনশ্ৰুতি আছে, যিয়ে গছজোপাৰ ঐতিহাসিক গুৰুত্বো স্পষ্ট কৰে।
বৰ্তমান খুমটাই সমষ্টিৰ কচুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠেঙালগাঁৱত আছে এই বাখৰ বেঙেনাৰ গছ।এই বিস্ময়কৰ গছজোপা চাবলৈ এতিয়া বহু লোকৰ আগমন ঘটিছে আৰু স্থানীয় বাসিন্দাসকলে ইয়াক লৈ গৌৰৱ অনুভৱ কৰিছে।
স্থানীয় ৰাইজে এই অমূল্য প্ৰাকৃতিক সম্পদটোক চৰকাৰীভাৱে সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে, যাতে আগন্তুক প্ৰজন্মইয়ো এই বিস্ময়কৰ বাখৰ-বেঙেনা গছৰ বিষয়ে জানিবলৈ আৰু চাবলৈ সক্ষম হয়।
Post a Comment