চাইকেল চলাই গছপুলি ৰোপন কৰি ব্যতিক্ৰমীভাৱে মনোনয়ন দাখিল মৃণাল শইকীয়াৰ

প্ৰকৃতি বন্দনাৰে জয়যাত্ৰাৰ সংকল্প: চাইকেল চলাই গছপুলি ৰোপণেৰে ব্যতিক্ৰমী মনোনয়ন মৃণাল শইকীয়াৰ
খুমটাইত জনসমুদ্ৰ; মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি প্ৰাৰ্থীগৰাকীৰ ‘হেট্ৰিক’ জয়ৰ হুংকাৰ
প্ৰজ্ঞান চন্দনৰ বিশেষ প্ৰতিবেদন ২৩ মাৰ্চ:
ৰাজনীতি আৰু সমাজনীতিৰ মাজত প্ৰকৃতি সুৰক্ষাৰ এক ব্যতিক্ৰমী বাৰ্তা দি আজি ১০৬ নং খুমটাই বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াই দাখিল কৰিলে মনোনয়ন পত্ৰ। নিৰ্বাচনী উখল-মাখলৰ মাজতে এক আধ্যাত্মিক আৰু পৰিৱেশ অনুকূল চিন্তাৰে শইকীয়াই চলোৱা এই বিশেষ প্ৰচাৰ শৈলীয়ে আজি সমগ্ৰ ৰাজ্যৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
সোমবাৰে পুৱা এক ব্যতিক্ৰমী দৃশ্যৰ সাক্ষী হৈ ৰয় খুমটাই। ‘Green Warrior Khumtai’ৰ সেউজীয়া বস্ত্ৰ পৰিহিত শতাধিক উদীপ্ত যুৱক-যুৱতীক সাৰথি কৰি নিজ বাসগৃহৰ পৰা চাইকেল চলাই মনোনয়ন যাত্ৰা আৰম্ভ কৰে মৃণাল শইকীয়াই। যান্ত্ৰিকতা পৰিহাৰ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা লৈ আগবঢ়া এই যাত্ৰাই জনসাধাৰণক আপ্লুত কৰে।
“গছপুলি ৰোপণেই মোৰ বাবে বন্তি প্ৰজ্বলন”
মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শইকীয়াই যোগীবাৰীত এটি জৰীগছৰ পুলি ৰোপণ কৰি প্ৰকৃতিৰ আশীষ মাগে। এই আধ্যাত্মিক অনুভৱ ব্যক্ত কৰি তেওঁ কয়—
 “প্ৰকৃতিক পূজা কৰা মোৰ বাবে কোনো উপাসনা স্থলীত সেৱা জনোৱাৰ দৰেই পৱিত্ৰ। মন্দিৰত বন্তি জ্বলাই যি শান্তি পোৱা যায়, এটি গছপুলি ৰোপণ কৰি মই তেনেদৰেই পৱিত্ৰ অনুভৱ কৰোঁ।”
দহ সহস্ৰাধিক সমৰ্থকৰ জনসমুদ্ৰ
যোগীবাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই শালমৰা খেলপথাৰত এক বিশাল ৰূপ ধাৰণ কৰে। পত্নী, পুত্ৰ আৰু বোৱাৰীৰ সৈতে পদযাত্ৰাত অংশগ্ৰহণ কৰা শইকীয়াৰ লগত যোগ দিয়ে প্ৰায় ১০ হাজাৰৰো অধিক উৎসাহী সমৰ্থকে। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত উপস্থিত হোৱাৰ সময়ত এই সমদল এক বিয়াগোম ৰাজনৈতিক সমাবেশত পৰিণত হয়।
মুখ্যমন্ত্ৰীৰ উপস্থিতি আৰু জয়ৰ আগজাননী
সমন্বয় ক্ষেত্ৰৰ বিশাল জনসভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৃণাল শইকীয়াৰ কৰ্মনিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খুমটাইৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত মৃণাল শইকীয়াক বিপুল ভোটত জয়ী কৰাটো নিশ্চিত। তেওঁ লগতে শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাক আগতিয়াকৈ জয়ৰ অভিনন্দন জ্ঞাপন কৰে।
সভাৰ শেষত মুখ্যমন্ত্ৰীৰ সংগ দি শইকীয়াই এক বিশাল সমদল কৰি গোলাঘাট জিলাৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। সমগ্ৰ গোলাঘাট চহৰত আজি বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশ। সমৰ্থকসকলৰ আকাশলংঘী জয়ধ্বনি আৰু আত্মবিশ্বাসে খুমটাইত বিজেপিৰ ‘হেট্ৰিক’ জয়ৰ সম্ভাৱনাক অধিক প্ৰবল কৰি তুলিছে।



Post a Comment

Previous Post Next Post