নুমলীগড় চাহ বাগিচাত আহত লাজুকী বান্দৰ উদ্ধাৰ, কাজিৰঙা ৰেছকিউ চেণ্টাৰলৈ প্ৰেৰণ
■স্থানীয় লোকৰ তৎপৰতাত বন বিভাগৰ সহযোগিতাৰে জীৱন ৰক্ষা
নুমলীগড়, ৩০ মাৰ্চঃ গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাত এটি আহত লাজুকী বান্দৰ উদ্ধাৰ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে লক্ষ্য কৰে যে বান্দৰটো আঘাতপ্ৰাপ্ত অৱস্থাত বাগিচাৰ এটা অংশত পৰি আছিল।
ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় লোকসকলে তৎপৰতাৰে বন বিভাগক অৱগত কৰে। পাছত বন বিভাগৰ কৰ্মচাৰীসকলে ঘটনাস্থলীত উপস্থিত হৈ বান্দৰটো উদ্ধাৰ কৰে।
প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত অধিক উন্নত চিকিৎসাৰ বাবে বান্দৰটো কাজিৰঙা ৰেছকিউ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত বৰ্তমান বান্দৰটোৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, এইধৰণৰ ঘটনা প্ৰায়েই মানুহ আৰু বনৰীয়া প্ৰাণীৰ মাজত সংঘটিত সংঘাতৰ ফলস্বৰূপে সংঘটিত হয় বুলি বন বিভাগে উল্লেখ কৰে। স্থানীয় ৰাইজক বনৰীয়া প্ৰাণীৰ প্ৰতি সচেতন আৰু সহানুভূতিশীল আচৰণ কৰিবলৈ আহ্বান জনাইছে বনবিভাগে
Post a Comment