সৰুপথাৰ সমষ্টিত গৰম নিৰ্বাচনী বতাহ, চুতীয়া জনগোষ্ঠীৰ মুকলি সমৰ্থন বিশ্বজিৎ ফুকনলৈ

সৰুপথাৰ সমষ্টিত গৰম নিৰ্বাচনী বতাহ, চুতীয়া জনগোষ্ঠীৰ মুকলি সমৰ্থন বিশ্বজিৎ ফুকনলৈ

তৃণমূল পৰ্যায়ত শক্তিশালী বিজেপি; বিৰোধীৰ তুলনাত আগবঢ়া অৱস্থানত বিশ্বজিৎ ফুকন

গোলাঘাট, ৩০ মাৰ্চ:
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিত ৰাজনৈতিক পৰিৱেশ তীব্ৰ ৰূপ ল’ব ধৰিছে। এইবাৰ সমষ্টিটোত তিনিগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা গঢ় লৈ উঠিছে। এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন, বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ জীৱন চুতীয়া আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ চাহিল মুণ্ডাই এই সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছে। যদিও মূল প্ৰতিদ্বন্দ্বিতা বিশ্বজিৎ ফুকন আৰু জীৱন চুতীয়াৰ মাজতেই সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে।

প্ৰায় ১ লাখ ৮৭ হাজাৰ ভোটাৰ থকা এই সমষ্টিত দুয়োগৰাকী মুখ্য প্ৰাৰ্থীয়ে জয় নিশ্চিত কৰাৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে প্ৰতিদিনে কেইবাখনো সভা অনুষ্ঠিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আনহাতে, জাতীয় পৰিষদৰ প্ৰাৰ্থী জীৱন চুতীয়াই ডাঙৰ জনসভাৰ পৰা আঁতৰি গাঁওভিত্তিক সৰু সৰু বৈঠকৰ জৰিয়তে প্ৰচাৰ চলাই আছে।


বিশ্বজিৎ ফুকনৰ নিৰ্বাচনী সভাসমূহত ব্যাপক জনসমাগম হোৱা দেখা গৈছে। ৰাইজে পুষ্পবৃষ্টিৰে তেওঁক আদৰণি জনোৱা দৃশ্যই সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশক অধিক উত্তেজিত কৰি তুলিছে। বিধায়ক হিচাপে পূৰ্বে সমষ্টিটোৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ দাবীৰ ভিত্তিত এইবাৰো তেওঁ জনসমৰ্থন লাভ কৰিছে বুলি পৰ্যবেক্ষকৰ মত।

ইফালে, নিৰ্বাচন আগবঢ়াৰ লগে লগে বিৰোধী দলৰ বহু কৰ্মী আৰু নেতা বিজেপিত যোগদান কৰা ঘটনাই ৰাজনৈতিক সমীকৰণত নতুন মোড় আনিছে। শেহতীয়াকৈ কংগ্ৰেছৰ কেইবাজনো স্থানীয় নেতা দলত্যাগ কৰি বিজেপিত যোগদান কৰে।

চুতীয়া জনগোষ্ঠীৰ সমৰ্থন বিশ্বজিৎ ফুকনলৈ
সমষ্টিটোৰ সৰ্বাধিক ভোটাৰ থকা চুতীয়া জনগোষ্ঠীয়ে এইবাৰ বিশ্বজিৎ ফুকনৰ প্ৰতি মুকলি সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে। বিভিন্ন চুতীয়া সংগঠনৰ নেতৃবৃন্দই এক মত বিনিময় সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ এই সিদ্ধান্ত প্ৰকাশ কৰে।

তেওঁলোকৰ মতে, বিধায়ক হিচাপে বিশ্বজিৎ ফুকনে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে তেওঁলোকক সন্তুষ্ট কৰিছে। সেয়ে পুনৰ তেওঁক জয়ী কৰি অসম্পূৰ্ণ কামসমূহ আগবঢ়াবলৈ সুযোগ দিব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

তৃণমূল পৰ্যায়ত শক্তিশালী বিজেপি
সৰুপথাৰ সমষ্টিত বিজেপি দলে তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হৈছে বুলি ধাৰণা কৰা হৈছে। বুথ সমিতি আৰু পৃষ্ঠা প্ৰমুখ সকলে সক্ৰিয়ভাৱে কাম কৰি থকাৰ ফলত দলটোৰ ভেটি অধিক মজবুত হৈছে।

বিপৰীতে, বিৰোধী পক্ষৰ সংগঠন তৃণমূল পৰ্যায়ত তেনেকৈ দৃঢ় নহয় বুলি অভিযোগ উত্থাপন হৈছে। ৰাজনৈতিক বিশ্লেষকৰ মতে, এই পৰিস্থিতিত বিশ্বজিৎ ফুকন নিৰ্বাচনী দৌৰত আগবঢ়া অৱস্থানত আছে।

সৰ্বমুঠতে, বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি অনুসৰি সৰুপথাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হ’লেও বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ জয়ৰ পথ মসৃণ হোৱা বুলি

ধাৰণা কৰা হৈছে।

Post a Comment

Previous Post Next Post