দুসুতিমুখত “জাগ্ৰত মহিলা পুথিভঁৰাল” শুভ উদ্বোধন

দুসুতিমুখত “জাগ্ৰত মহিলা পুথিভঁৰাল” শুভ উদ্বোধন 
দহদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণিত সাংস্কৃতিক পৰিবেশ; মহিলাৰ বৌদ্ধিক বিকাশলৈ গুৰুত্ব
দুসুতিমুখৰ পৰা ইভান লইঙৰ প্ৰতিবেদন, ৩০ মাৰ্চ:
বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত দুসুতিমুখ গাঁও পঞ্চায়তৰ মৰঙ্গীয়াল গাঁৱত “জাগ্ৰত মহিলা পুথিভঁৰাল”ৰ শুভ উদ্বোধনী অনুষ্ঠান উলহ-মালহৰে সম্পন্ন হয়। মৰঙ্গীয়াল জাগ্ৰত গ্ৰাম্য শৈক্ষিক বিকাশ গোটৰ উদ্যোগত আৰু প্ৰগতিশীল মহিলা অধ্যয়ন চক্ৰৰ সহযোগত আয়োজিত এই অনুষ্ঠান দহদিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণিৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয়।
সত্ৰীয়া বিশাৰদ তথা যুৱ কৰ্মী বিদ্যাশ্ৰী শইকীয়াৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাৰ অন্তিম দিনটোত আয়োজিত মুকলি সভাখনৰ সঞ্চালনা কৰে ৰঙাগড়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মিনাৰাম টাইদে। বিশিষ্ট লেখিকা মণিকংকনা বৰবৰাই আঁত ধৰা অনুষ্ঠানত পুথিভঁৰাল গৃহ উদ্বোধন কৰে জেষ্ঠ সাংবাদিক তথা লেখক-সমালোচক ৰত্না ভৰালী তালুকদাৰে।
অনুষ্ঠানত অনাতাঁৰ শিল্পী বীৰেণ পেগু, P3 সদস্য গৌতম গোস্বামী, ইভান লইং, সমাজকৰ্মী ৰিংকু লইং আদি উপস্থিত থাকে।
উল্লেখযোগ্য যে, গাঁওখনত এই পুথিভঁৰাল স্থাপনৰ মূল উদ্দেশ্য হৈছে মহিলাসকলৰ মাজত অধ্যয়নশীলতা, বিজ্ঞানমনস্কতা আৰু বৌদ্ধিক বিকাশৰ প্ৰৱণতা গঢ়ি তোলা। মণিকংকনা বৰবৰাৰ নেতৃত্বত এই প্ৰচেষ্টা মহিলাসকলক আত্মনির্ভৰশীল কৰি তোলাৰ লগতে পৰিয়াল আৰু সমাজৰ সামগ্ৰিক উন্নয়নতো সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে প্ৰায় ৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্য, গীত আৰু দলীয় কবিতা আবৃত্তি প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকৰ মন জয় কৰে।

Post a Comment

Previous Post Next Post