কোটিটকীয়া খোৱাপানী আঁচনিৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ!
জল জীৱন মিছনৰ অধীনত পুনৰ নিৰ্মাণৰ পিছতো বৰদিহিঙীয়াবাসীয়ে নাপালে বিশুদ্ধ খোৱাপানী
আজিৰ কণ্ঠ, কমাৰগাঁও, ১২ জুন :
কমাৰগাঁওৰ বৰদিহিঙীয়া অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱাপানী আঁচনিৰ দুৰৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কেন্দ্ৰীয় চৰকাৰৰ বহুল প্ৰচাৰিত “জল জীৱন মিছন” আঁচনিৰ অধীনত কোটিটকীয়া ব্যয়ৰে খোৱাপানী যোগান ব্যৱস্থা পুনৰ নিৰ্মাণ আৰু উন্নয়ন কৰা হৈছিল যদিও আজিলৈকে গাঁওবাসীয়ে নিয়মীয়া খোৱাপানী লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
ৰাইজৰ অভিযোগ অনুসৰি, আঁচনিৰ অধীনত ঘৰে ঘৰে পাইপলাইন সংযোগ স্থাপন কৰা হ’লেও সেই নলসমূহে আজিও পানীৰ মুখ দেখা নাই। “ঘৰে ঘৰে জল” শ্লোগান বাস্তৱায়নৰ পৰিৱৰ্তে “ঘৰে ঘৰে নল” স্থাপনতেই সীমাবদ্ধ হৈ থাকিল বুলি তীব্ৰ সমালোচনা কৰিছে গাঁওবাসীয়ে।
স্থানীয় লোকে কয় যে, চৰকাৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ দাবী কৰিলেও বাস্তৱ ক্ষেত্ৰত আঁচনিখনৰ সুফল সাধাৰণ মানুহে পোৱা নাই। ফলস্বৰূপে আজিও বহু পৰিয়ালে কুঁৱা, নলা অথবা আন উৎসৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
ইয়াৰ লগতে আঁচনিৰ ৰূপায়ণত অনিয়ম, অৱহেলা আৰু সম্ভাৱ্য দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৰাইজে। স্থানীয় লোকসকলৰ মতে, যদি আঁচনি সঠিকভাৱে ৰূপায়ণ কৰা হৈছে, তেন্তে কিয় আজিও গাঁওবাসীয়ে খোৱাপানী নাপায় তাৰ উত্তৰ বিভাগীয় কৰ্তৃপক্ষই দিব লাগিব।
Post a Comment