পেট্ৰ’ল-ডিজেল ক্ৰয়ৰ নতুন নিয়মে কৃষকক পেলাব সমস্যাত : ৰেহাইৰ দাবী বিধায়ক মৃণাল শইকীয়াৰ

পেট্ৰ’ল-ডিজেল ক্ৰয়ৰ নতুন নিয়মে কৃষকক পেলাব সমস্যাত : ৰেহাইৰ দাবী বিধায়ক মৃণাল শইকীয়াৰ

আজিৰ কণ্ঠ,  নিউজ ডেক্স, ১৫ জুন : কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেল ক্ৰয় আৰু বিতৰণ ব্যৱস্থাক অধিক নিয়ন্ত্ৰিত আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে জাৰি কৰা নতুন নিৰ্দেশনাই ৰাজ্যৰ কৃষকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ তেল ডিপোৰ পৰা বিভিন্ন পাত্ৰ বা গিলানত তেল ভৰাই নিয়াৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাই কৃষি খণ্ডত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শইকীয়াই সামাজিক মাধ্যমত উল্লেখ কৰে যে অসমৰ গ্ৰাম্য অঞ্চলসমূহত আজিও বহু কৃষকে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ধান মৰা যন্ত্ৰ, পানী সিঞ্চনৰ মেচিন আদি কৃষি সঁজুলিত ব্যৱহাৰৰ বাবে ডিপোৰ পৰা গিলান বা ড্ৰামত ডিজেল ক্ৰয় কৰি লৈ যাবলগীয়া হয়। 

বহু ক্ষেত্ৰত এই যন্ত্ৰসমূহ তেল ডিপোৰ ওচৰত নাথাকে বা পথ-ব্যৱস্থাৰ অসুবিধাৰ বাবে পাম্পলৈ নিয়া সম্ভৱ নহয়। এনে পৰিস্থিতিত নতুন নিয়মে কৃষকসকলক জটিল সমস্যাৰ সন্মুখীন কৰিব। তেওঁ আৰু কয় যে “অসমৰ কৃষি ব্যৱস্থা বহু পৰিমাণে যান্ত্ৰিক কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। খেতিৰ সময়ত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু অন্যান্য কৃষি যন্ত্ৰৰ অবিৰত ব্যৱহাৰ নিশ্চিত কৰিবলৈ ডিজেলৰ সহজলভ্যতা অতি প্ৰয়োজনীয়। যদি গিলান বা অনুমোদিত পাত্ৰত তেল ক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়, তেন্তে কৃষকসকলে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মূখীন হব ।বিধায়কগৰাকীয়ে লগতে উল্লেখ কৰে যে কৃষি খণ্ড দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়ে কৃষকসকলৰ বাস্তৱ সমস্যা আৰু প্ৰয়োজনীয়তাক বিবেচনা নকৰাকৈ কোনো নীতি কাৰ্যকৰী কৰিলে উৎপাদন ব্যৱস্থাত বিঘিনি ঘটিব পাৰে। তেওঁ এই বিষয়টোত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি কৃষি কাৰ্যত ব্যৱহাৰ হোৱা যন্ত্ৰপাতিৰ বাবে বিশেষ ৰেহাই বা বিকল্প ব্যৱস্থা নিশ্চিত কৰাৰ আহ্বান জনায়।অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি মৃণাল শইকীয়াই কয় যে কৃষকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে তৎপৰ ভূমিকা গ্ৰহণ কৰা উচিত। কৃষি কামৰ বাবে প্ৰয়োজনীয় ইন্ধন সংগ্ৰহৰ ক্ষেত্ৰত যাতে কৃষকসকলে কোনো ধৰণৰ বাধা বা অযথা জটিলতাৰ সন্মুখীন নহয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনায়। উল্লেখ্য যে নতুন নিৰ্দেশনা কাৰ্যকৰী হ’লে ৰাজ্যৰ বহু কৃষক, ক্ষুদ্ৰ উদ্যোগী আৰু গ্ৰাম্য অঞ্চলত ব্যৱহৃত যান্ত্ৰিক সঁজুলিৰ মালিকসকল প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা দেখা দিছে। এনে পৰিস্থিতিত কৃষকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়াৰ দাবীয়ে ইতিমধ্যে জনমত লাভ কৰিবলৈ আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post