তিনিচুকীয়াৰ ওগুৰিত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ, কঠোৰ নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ

তিনিচুকীয়াৰ ওগুৰিত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ, কঠোৰ নিষেধাজ্ঞা জাৰি
আজিৰ কণ্ঠ ,ডুমডুমা, ১০ জুনঃ টিনিচুকীয়া জিলাৰ ডুমডুমা উন্নয়ন খণ্ডৰ ৰূপাই চাইডিঙৰ ওগুৰি গাঁওক আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF)-ৰ কেন্দ্ৰবিন্দু (Epicentre) হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।
সংক্ৰমণ ৰোধৰ বাবে ওগুৰি গাঁওক কেন্দ্ৰ কৰি ১ কিলোমিটাৰ এলেকাক ‘সংক্ৰমিত অঞ্চল’ আৰু ১০ কিলোমিটাৰ এলেকাক ‘নিৰীক্ষণ অঞ্চল’ হিচাপে চিহ্নিত কৰা হৈছে। লগতে ৯ জুনৰ পৰা ১১ জুনলৈ সংক্ৰমিত অঞ্চলত গাহৰি নিধন (culling) অভিযান চলোৱাৰ নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ উপৰিও ডুমডুমা সহ-জিলাত অহা ৩০ দিনলৈ বা পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে গাহৰিৰ মাংস আৰু সংশ্লিষ্ট সামগ্ৰীৰ দোকান বন্ধ ৰাখিবলৈ কোৱা হৈছে। আনহাতে, জিলাখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ গাহৰি আৰু গাহৰিজাত সামগ্ৰীৰ পৰিবহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
প্ৰশাসনে জনস্বাৰ্থত সকলোকে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।

Post a Comment

Previous Post Next Post