ভাৰতৰ ইতিহাসত নতুন অভিলেখ, প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন

ভাৰতৰ ইতিহাসত নতুন অভিলেখ, প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন

আজিৰ কণ্ঠ,  নিউজ ডেক্স, ১০ জুনঃ ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নতুন অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোডীয়ে ক্ৰমাগত তৃতীয়টো কাৰ্যকালত এনডিএ চৰকাৰক নেতৃত্ব দি মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰে।এই উপলক্ষে বিভিন্ন মহলে তেখেতক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। বিবৃতিত কোৱা হয় যে বিগত ৪,৩৯৯ দিনত দেশত অৰ্থনৈতিক বিকাশ, ডিজিটেল ৰূপান্তৰ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক কল্যাণ, স্বাস্থ্যসেৱা, প্ৰতিৰক্ষা আধুনিকীকৰণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধিত হৈছে।

লগতে ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মোদীৰ নেতৃত্বই দেশক নতুন দিশ প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰা হয়।

Post a Comment

Previous Post Next Post