FIFA বিশ্বকাপ ২০২৬ৰ ফাইনেলত ধুমধামঃ Madonna, BTS আৰু Shakiraৰ বিশেষ হাফটাইম শ্ব’
নিউজ ডেক্স, ১৪ মে :
FIFAৰ ২০২৬ বিশ্বকাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ’ব এক বিশেষ হাফটাইম শ্ব’। এই জাকজমকীয়া অনুষ্ঠানত সহ-মুখ্য শিল্পী হিচাপে অংশগ্ৰহণ কৰিব পপ সংগীতৰ ৰাণী Madonna, কে-পপৰ বিশ্ববিখ্যাত দল BTS আৰু গ্ৰেমী বিজয়ী গায়িকা Shakira। এই খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে FIFA-ই। হাফটাইম শ্ব’ৰ টিজাৰ ভিডিঅ’ত দেখা গৈছে Chris Martin আৰু Elmo-ক। তেওঁলোকৰ সৈতে Muppet Show-ৰ জনপ্ৰিয় চৰিত্ৰ Miss Piggy, Kermit the Frog আদি উপস্থিত আছিল।
এই অনুষ্ঠানৰ পৰা সংগৃহীত ধন FIFA Global Citizen Education Fund-লৈ দান কৰা হ’ব। এই তহবিলৰ লক্ষ্য হৈছে বিশ্বজুৰি শিশুসকলৰ বাবে গুণগত শিক্ষা আৰু ফুটবল খেলাৰ সুযোগ বৃদ্ধি কৰিবলৈ ১০০ মিলিয়ন ডলাৰ সংগ্ৰহ কৰা।
২০২৬ FIFA বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত হ’ব ১৯ জুলাইত New Jerseyত। আনহাতে বিশ্বকাপৰ মূল প্ৰতিযোগিতা আৰম্ভ হ’ব ১১ জুনৰ পৰা। উল্লেখযোগ্য যে, আমেৰিকাত শেষবাৰৰ বাবে FIFA বিশ্বকাপ অনুষ্ঠিত হৈছিল ১৯৯৪ চনত, যিটো ইতিহাসৰ আটাইতকৈ অধিক দৰ্শক উপস্থিত থকা বিশ্বকাপ হিচাপে পৰিচিত।
ইফালে, বিশ্বকাপ ২০২৬ৰ উদ্বোধনী অনুষ্ঠানতো থাকিব চমক। বলিউডৰ জনপ্ৰিয় নৃত্যশিল্পী তথা গায়িকা Nora Fatehi কানাডাৰ Torontoত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পৰিবেশন কৰিব। ১২ জুনত BMO Field-ত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত তেওঁৰ সৈতে থাকিব Michael Bublé, Alanis Morissette, Alessia Cara, Jessie Reyez আদি বহু খ্যাতনামা শিল্পী।
Post a Comment