দেশত চেনিৰ যোগান নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰলৈ চেনি ৰপ্তানি নিষিদ্ধ
অজিৰ কণ্ঠ,
নতুন দিল্লী, ১৪ মে’ঃ দেশৰ ভিতৰত চেনিৰ পৰ্যাপ্ত যোগান বজাই ৰখা আৰু বজাৰত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ উদ্দেশ্যে ভাৰত চৰকাৰে ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে চেনি ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ ফৰেইন ট্ৰেড (DGFT)-এ জাৰি কৰা এক অধিসূচনাত এই কথা ঘোষণা কৰে। অধিসূচনাখনত কোৱা হৈছে যে কেঁচা চেনি, বগা চেনি আৰু পৰিশোধিত চেনিৰ ৰপ্তানিৰ মৰ্যাদা ‘Restricted’ৰ পৰা ‘Prohibited’লৈ সলনি কৰা হৈছে। এই নিষেধাজ্ঞা ৩০ ছেপ্টেম্বৰ, ২০২৬ বা চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত বলবৎ থাকিব। তথাপিও ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকালৈ CXL আৰু Tariff Rate Quota (TRQ) ব্যৱস্থাৰ অধীনত চেনি ৰপ্তানি আগৰ দৰেই নিৰ্দিষ্ট নিয়ম অনুসৰি অব্যাহত থাকিব বুলি চৰকাৰে স্পষ্ট কৰিছে।
ইয়াৰ উপৰিও Advance Authorisation Scheme (AAS)-ৰ অধীনত হোৱা চেনি ৰপ্তানিও Foreign Trade Policy (FTP) 2023 আৰু Handbook of Procedures 2023 অনুসৰি চলি থাকিব।
উল্লেখযোগ্য যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম চেনি উৎপাদক দেশ আৰু ব্ৰাজিলৰ পিছতেই অন্যতম বৃহৎ চেনি ৰপ্তানিকাৰক। ইয়াৰ পূৰ্বে উৎপাদন ঘৰুৱা চাহিদাতকৈ অধিক হ’ব বুলি অনুমান কৰি চৰকাৰে প্ৰায় ১.৫৯ মিলিয়ন মেট্ৰিক টন চেনি ৰপ্তানিৰ অনুমতি দিছিল। বিশেষজ্ঞসকলৰ মতে, এই ৰপ্তানি নিষেধাজ্ঞাই বিশ্ববাজারত কেঁচা আৰু বগা চেনিৰ মূল্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। আনহাতে ব্ৰাজিল আৰু থাইলেণ্ডৰ দৰে প্ৰতিদ্বন্দ্বী দেশসমূহে এছিয়া আৰু আফ্ৰিকাৰ বজাৰত অধিক ৰপ্তানিৰ সুযোগ লাভ কৰিব পাৰে।
Post a Comment