কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডিজিটেল আৰ্কাইভত স্থান লাভ কৰিলে ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’

অসমৰ শিশু সাহিত্যৰ বিশ্বমঞ্চত গৌৰৱময় স্বীকৃতি
কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডিজিটেল আৰ্কাইভত স্থান লাভ কৰিলে ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’

আজিৰ কণ্ঠ, যোৰহাট, ২৫ মে’ঃ বহু প্ৰজন্মৰ অসমীয়া শিশুৰ কল্পনা, বিজ্ঞানমনস্কতা আৰু সাহিত্যচেতনা গঢ়ি তোলা জনপ্ৰিয় শিশু আলোচনী ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ এইবাৰ লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। দুয়োখন আলোচনীৰ এতিয়ালৈকে প্ৰকাশিত সকলো সংখ্যাই স্থান লাভ কৰিছে আমেৰিকাৰ কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডিজিটেল আৰ্কাইভত। কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত আৰম্ভ হোৱা এই সংৰক্ষণ প্ৰকল্পৰ জৰিয়তে অসমীয়া শিশু সাহিত্যৰ এক মূল্যবান ঐতিহ্য বিশ্বৰ গৱেষক সমাজৰ বাবে উন্মুক্ত হৈ পৰিল। যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পত ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’-ৰ সকলো প্ৰকাশিত সংস্কৰণ ডিজিটেল ৰূপত সংৰক্ষণ কৰা হৈছে।

১৯৮৪ চনৰ এপ্ৰিল মাহত প্ৰথম প্ৰকাশ পোৱা ‘মৌচাক’ এতিয়া ৪২ বছৰত ভৰি দিলে। দীৰ্ঘ চাৰি দশক ধৰি শিশু পাঠকৰ মাজত জনপ্ৰিয় হৈ থকা এই আলোচনীখনৰ সম্পাদক তথা বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলী এই স্বীকৃতিক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে। পাঠক সমাজত ‘মৌচাক মামা’ নামেৰে পৰিচিত শান্তনু তামুলীৰ সম্পাদনাত ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ দুয়োখনেই শিশু সাহিত্য, কল্পনাশক্তি আৰু বিজ্ঞানমনস্ক চিন্তাধাৰাৰ এক শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, আলোচনী দুয়োটাৰ সমৃদ্ধ বিষয়বস্তু আৰু অবিৰত চাৰি দশকৰ ইতিহাসে বিশ্বৰ বিভিন্ন দেশৰ শিশু আলোচনীৰ সৈতে তুলনামূলক গৱেষণাৰ ক্ষেত্ৰ সৃষ্টি কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ত ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ক কেন্দ্ৰ কৰি গৱেষণা চলি থকাৰ লগতে একাধিক গৱেষকে শিশু সাহিত্য বিষয়ত পিএইচডি অধ্যয়ন অব্যাহত ৰাখিছে। শান্তনু তামুলীৰ মতে, অসমীয়া শিশু সাহিত্যক লৈ বৃদ্ধি পোৱা একাডেমিক আগ্ৰহেই বিদেশী গৱেষক আৰু সাহিত্যপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তাৰ পৰিণতিতেই কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ এই সহযোগিতা সম্ভৱ হয়।তেওঁ লগতে কয় যে, কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডিজিটেল আৰ্কাইভত অন্তৰ্ভুক্ত হোৱাটো অসমীয়া শিশু সাহিত্যৰ বাবে এক গৌৰৱোজ্জ্বল আৰু তাৎপৰ্যপূৰ্ণ সাফল্য। ইয়াৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী, গৱেষক আৰু সাহিত্যপ্ৰেমীয়ে অসমীয়া শিশু সাহিত্যক অধিক গভীৰভাৱে অধ্যয়ন আৰু অনুধাৱন কৰাৰ সুযোগ লাভ কৰিব।দীৰ্ঘ বছৰ ধৰি ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ কেৱল আলোচনী হিচাপেই সীমাবদ্ধ নাথাকি অসমীয়া শিশুৰ মানসিক, বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশৰ এক অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত হৈ আহিছে। উল্লেখ্য যে, বিশিষ্ট শিশু সাহিত্যিক আৰু বিজ্ঞান লেখক শান্তনু তামুলীয়ে ইতিপূৰ্বে সাহিত্য অকাডেমিৰ সাহিত্য পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে । 

Post a Comment

Previous Post Next Post