CJP"ব্যঙ্গৰ আঁৰত লুকাই আছে নেকি যুৱসমাজৰ অসন্তোষ?
🖋️চন্দন বৰা
■ ডিজিটেল যুগত ৰাজনীতি এতিয়া কেৱল সভা-সমিতি অথবা নিৰ্বাচনী ভাষণত সীমাবদ্ধ নহয়। সামাজিক মাধ্যমত জন্ম লোৱা এটা মীম, এটা ব্যঙ্গ, এটা হেচটেগো সময়ে সময়ে গণআন্দোলনৰ ৰূপ ল’ব পাৰে। শেহতীয়াকৈ সমগ্ৰ ভাৰতজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰা “Cockroach Janata Party”(পঁইতাচোৰা জনতা পাৰ্টী") সেইধৰণৰেই এক ব্যতিক্ৰমী ডিজিটেল ঘটনাৰ নাম। কিন্তু প্ৰশ্ন উঠিছে ইয়াৰ বাস্তৱতা কিমান? এইটো সঁচাকৈয়ে নতুন ৰাজনৈতিক শক্তি নে কেৱল এক ভাইৰেল ইণ্টাৰনেট মীম?
বিভিন্ন সংবাদ মাধ্যমৰ তথ্য অনুসৰি “পঁইতাচোৰা জনতা পাৰ্টী" মূলতঃ এক ব্যঙ্গাত্মক অনলাইন আন্দোলন হিচাপে আৰম্ভ হৈছিল। অভিযোগ অনুসৰি ন্যায়ালয়ৰ এক মন্তব্যত নিবনুৱা যুৱসমাজক “cockroach( পঁইতাচোৰা)”ৰ সৈতে তুলনা কৰাৰ পাছতেই সামাজিক মাধ্যমত ক্ষোভ আৰু ব্যঙ্গৰ ঢৌ উঠে। তাৰ পিছতেই আমেৰিকাত অধ্যয়নৰত অভিজিৎ দিপকে নামৰ এজন ব্যক্তিয়ে এই “CJP” নামৰ ডিজিটেল প্লেটফৰ্ম গঢ়ি তোলে। এই আন্দোলনৰ মূল শক্তি হৈছে সামাজিক মাধ্যম। কেৱল কেইদিনমানৰ ভিতৰতে লাখ লাখ অনুসৰণকাৰী, ইনষ্টাগ্ৰামত কোটিৰ ওপৰত ফ’ল’ৱাৰ, মীম, এআই নির্ভৰ প্ৰচাৰ, ব্যঙ্গাত্মক ঘোষণা পত্ৰ আদিয়ে বিষয়টোক বিস্তৃত ৰূপ দিয়ে। কিন্তু বাস্তৱ ৰাজনীতিৰ ক্ষেত্ৰত এতিয়ালৈকে এই সংগঠন কোনো নিবন্ধিত ৰাজনৈতিক দল নহয়। নিৰ্বাচন আয়োগৰ স্বীকৃতি, সাংগঠনিক কাঠামো, ক্ষেত্ৰভিত্তিক নেতৃত্ব বা গণভিত্তিক ৰাজনৈতিক উপস্থিতি এই সকলো ক্ষেত্ৰতে CJP এতিয়াও এক ডিজিটেল ঘটনাতেই সীমাবদ্ধ। তথাপিও বিষয়টোক সম্পূৰ্ণভাৱে উপহাস কৰি উলাই কৰা সম্ভৱ নহয়। কাৰণ, CJP-ৰ উত্থানে ভাৰতীয় যুৱসমাজৰ এক গুৰুত্বপূৰ্ণ মানসিক অৱস্থাক উন্মোচন কৰিছে। নিবনুৱা সমস্যা, পৰীক্ষাৰ কেলেংকাৰী, ৰাজনৈতিক হতাশা, আৰু মূলধাৰাৰ ৰাজনীতিত নিজৰ কণ্ঠ অনুপস্থিত বুলি অনুভৱ কৰা বহু যুৱক-যুৱতীয়ে এই ব্যঙ্গাত্মক প্লেটফৰ্মৰ মাজতে এক ধৰণৰ প্ৰতিবাদৰ ভাষা বিচাৰি পাইছে। কিন্তু ইয়াৰ আনটো বিপজ্জনক দিশো আছে। সামাজিক মাধ্যমৰ ভাইৰেল আবেগ বহু সময়ত তথ্যতকৈ অধিক প্ৰভাৱশালী হৈ উঠে। অন্য অনলাইন আলোচনা মঞ্চসমূহত বহু ব্যৱহাৰকাৰীয়ে আশংকা ব্যক্ত কৰিছে যে, “মজা” হিচাপে আৰম্ভ হোৱা বিষয় এটাক বহুতে বাস্তৱ ৰাজনৈতিক বিকল্প বুলি ধৰি ল’ব পাৰে। বিশেষকৈ কমবয়সীয়া সামাজিক মাধ্যম-নির্ভৰ প্ৰজন্মৰ মাজত এই ধৰণৰ ডিজিটেল আন্দোলনে আবেগিক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনা নস্যাৎ কৰিব নোৱাৰি। আনহাতে
Cockroach Janata Party (CJP)ক লৈ বিভিন্ন ৰাজনৈতিক নেতা, সমাজকৰ্মী আৰু অনলাইন প্ৰভাৱশালী ব্যক্তিয়ে সমৰ্থনসূচক মন্তব্য আগবঢ়োৱাটো এতিয়া দেশজুৰি আলোচনাৰ বিষয় হৈ পৰিছে। কিন্তু এই সমৰ্থন গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নে কেৱল ক্ষণস্থায়ী ডিজিটেল ৰাজনীতি সেই প্ৰশ্নই অধিক গুৰুত্ব লাভ কৰিছে। এফালে চালে, এই সমৰ্থনক গণতান্ত্ৰিক স্বাধীনতাৰ ইতিবাচক দিশ বুলিও ধৰা যায়। কাৰণ যুৱসমাজৰ ক্ষোভ, নিবনুৱা সমস্যা, পৰীক্ষাৰ কেলেংকাৰী, ৰাজনৈতিক হতাশা আদিক লৈ সৃষ্টি হোৱা এক ডিজিটেল আন্দোলনক ৰাজনৈতিক নেতাই গুৰুত্ব দিয়া মানে জনমতৰ প্ৰতি সঁহাৰি জনোৱা। বহু সময়ত ব্যঙ্গ বা মীমৰ আঁৰত লুকাই থাকে সমাজৰ বাস্তৱ অসন্তোষ। সেই অসন্তোষক স্বীকাৰ কৰাটো সুস্থ গণতন্ত্ৰৰ অংশ।
কিন্তু আনফালে ইয়াৰ বিপদজনক দিশো নস্যাৎ কৰিব নোৱাৰি। যদি কেৱল ভাইৰেল হোৱাৰ বাবে বা চৰ্চাত থাকিবলৈ কোনো ৰাজনৈতিক নেতা এনে মীম-ভিত্তিক আন্দোলনক সমৰ্থন কৰে, তেন্তে ই গম্ভীৰ ৰাজনীতিক লাহে লাহে “হাঁহি-ঠাট্টাৰ সংস্কৃতি”লৈ ঠেলি নিব পাৰে। ৰাজনীতি যদি তথ্য, নীতি আৰু আদৰ্শৰ পৰিৱৰ্তে কেৱল মীম আৰু trendৰ ওপৰত নিৰ্ভৰশীল হয়, তেন্তে সচেতন গণতান্ত্ৰিক চিন্তা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে।
বিশেষকৈ কমবয়সীয়া প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ অধিক। বহু যুৱক-যুৱতীয়ে বাস্তৱ ৰাজনৈতিক সংগঠন আৰু ডিজিটেল ব্যঙ্গৰ মাজৰ পাৰ্থক্য বুজি নোপোৱাৰ সম্ভাৱনাও থাকে। ফলত সামাজিক মাধ্যমৰ আবেগ বহু সময়ত বাস্তৱ সমস্যাৰ সমাধানৰ পৰিৱৰ্তে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।
“Cockroach Janata Party” এতিয়ালৈকে কোনো সুসংগঠিত ৰাজনৈতিক বিপ্লৱ নহয়; ই মূলতঃ ডিজিটেল ক্ষোভ, ব্যঙ্গ আৰু যুৱ হতাশাৰ এক ভাইৰেল বহিঃপ্ৰকাশ। কিন্তু ইতিহাসে দেখুৱাইছে কেতিয়াবা ব্যঙ্গই বাস্তৱ আন্দোলনৰ জন্ম দিয়ে। সেয়ে বিষয়টোক কেৱল হাঁহিৰ খোৰাক বুলি উলাই কৰাও বুদ্ধিমত্তাৰ পৰিচয় নহয়।অৱশ্যে ব্যঙ্গ সমাজৰ এক শক্তিশালী অস্ত্ৰ।
ইতিহাসত বহু সময়ত ব্যঙ্গই সমাজৰ ভণ্ডামি আৰু দুৰ্নীতি উন্মোচন কৰিছে। কিন্তু ব্যঙ্গ যদি কেৱল উপহাস, বিদ্ৰুপ আৰু নেতিবাচক মানসিকতা বিস্তাৰৰ মাধ্যম হৈ উঠে, তেন্তে সেয়া সমাজৰ বাবে সুস্থ লক্ষণ নহয়। বিশেষকৈ কিশোৰ আৰু যুৱসমাজ যদি ধীৰে ধীৰে বাস্তৱ সমস্যাৰ সমাধান বিচাৰাৰ সলনি কেৱল ডিজিটেল উপহাসত অভ্যস্ত হৈ পৰে, তেন্তে ভৱিষ্যতে দায়িত্বশীল নাগৰিক গঢ়ি তোলাত বাধা আহিব পাৰে।
Post a Comment