দেৰগাঁৱৰ গৌৰৱ দিগন্ত নাথ: সৰ্ব ভাৰতীয় সভাপতি আৰু আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে মনোনীত
গোলাঘাট জিলাৰ দেৰগাঁৱৰ সু-সন্তানৰ বৃহৎ সাফল্য
দেৰগাঁৱৰ প্ৰতিবেদক, ২৪ এপ্ৰিল:
গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন গৌৰৱৰ পুত্ৰ দিগন্ত নাথে পুনৰবাৰ নিজৰ দক্ষতা আৰু প্ৰতিভাৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইণ্ডিয়ান এমেছাৰ বক্সিং ফেডাৰেচনৰ অধীনত সৰ্ব ভাৰতীয় পৰ্যায়ত যুৱ বক্সিং সমিতিৰ সভাপতি হিচাপে তেওঁ মনোনীত হোৱাৰ উপৰিও সৰ্ব ভাৰতীয় সভাপতি (Chairman) হিচাপে দায়িত্ব লাভ কৰিছে।
ইয়াৰ লগতে, দিগন্ত নাথ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “২ ষ্টাৰ ৰেফাৰী” হিচাপেও মনোনীত হৈছে, যি এক অত্যন্ত সন্মানজনক স্বীকৃতি। এই সফলতাই কেৱল দেৰগাঁও নহয়, সমগ্ৰ গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
তেওঁৰ এই সাফল্যৰ বাবে অঞ্চলটোৰ বিভিন্ন সংগঠন আৰু ৰাইজে অভিনন্দন আৰু শুভেচ্ছা জনাইছে। তেওঁৰ এই কৃতিত্বে আগন্তুক প্ৰজন্মকো ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িবলৈ উৎসাহ যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে।
Post a Comment