কাজিৰঙা–বিশ্বনাথত স্লেণ্ডাৰ-বিলযুক্ত শগুণ মুকলি: বিলুপ্তিৰ পৰা উদ্ধাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ

কাজিৰঙা–বিশ্বনাথত স্লেণ্ডাৰ-বিলযুক্ত শগুণ মুকলি: বিলুপ্তিৰ পৰা উদ্ধাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ
■ প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰজনিত শগুণৰ মুক্তি; টেগিং ব্যৱস্থাৰে নিৰীক্ষণ

মহেন শইকীয়াৰ প্ৰতিবেদন ,২৪ মাৰ্চ:
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত, বোম্বাই নেচাৰেল হিষ্ট্ৰী ছ’চাইটি (বিএনএইচএছ)ৰ সহযোগত বিশ্বনাথ জিলাত নতুনকৈ নিৰ্মাণ কৰা চফ্ট ৰিলিজ এভিয়াৰীত পাঁচটা স্লেণ্ডাৰ-বিলযুক্ত শগুণ (Slender-billed Vultures) মুকলি কৰা হৈছে।
শগুণবিধৰ জনসংখ্যা পুনৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে অসম বন বিভাগে গ্ৰহণ কৰা এই পদক্ষেপটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতত প্ৰজনন কৰা স্লেণ্ডাৰ-বিলযুক্ত শগুণৰ এইটো প্ৰথম মুক্তি।
২০০৭ চনত অসমৰ ৰাণীত স্থাপিত শগুণ প্ৰজনন কেন্দ্ৰত এতিয়ালৈকে ৫৬টা শগুণৰ সফল প্ৰজনন কৰা হৈছে। বৰ্তমান এই কেন্দ্ৰটোৱে এনে পৰ্যায় লাভ কৰিছে যে বন বিভাগে প্ৰতি বছৰে ৫ৰ পৰা ১০টা শগুণ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰিব পাৰিব।

ইয়াৰ উপৰিও, বিএনএইচএছে হাৰিয়ানাৰ প্ৰজনন কেন্দ্ৰতো ৬০টাতকৈও অধিক শগুণ প্ৰজনন কৰিছে, যাৰ পৰা কাজিৰঙা–বিশ্বনাথ বন সংমণ্ডলৰ তেৱাৰীপাল গাঁৱত স্থাপিত চফ্ট ৰিলিজ এভিয়াৰীৰ বাবে চৰাই যোগান ধৰা সম্ভৱ হৈছে।
ৰাণীৰ পৰা বিশ্বনাথলৈ স্থানান্তৰ কৰি কেইমাহমান পৰ্যন্ত যত্নেৰে ৰাখি তাৰ পিছত এই শগুণসমূহ এভিয়াৰীত মুকলি কৰা হয়। মুকলি কৰা ১০টা শগুণৰ ভিতৰত ৫টাক বিশেষভাৱে টেগ কৰা হৈছে, আৰু সকলো শগুণক চিনাক্তকৰণৰ বাবে ৰিং লগোৱা হৈছে।
উল্লেখযোগ্য যে এই টেগসমূহ সৌৰশক্তিচালিত, যাৰ জৰিয়তে মুকলি কৰাৰ পিছত চৰাইসমূহৰ অৱস্থান আৰু গতি-প্ৰকৃতিৰ বিষয়ে নিয়মীয়াকৈ তথ্য সংগ্ৰহ কৰা সম্ভৱ হ’ব।
এই পদক্ষেপে অসমৰ লগতে ভাৰতত বিলুপ্তপ্ৰায় শগুণ সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post