বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৭ দিনীয়া বিহু আখৰাৰ শুভাৰম্ভ:
প্ৰথম দিনাই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ, বিশিষ্ট শিল্পী-অতিথিৰ উপস্থিতি
বাদুলিপাৰ প্ৰতিবেদক ২৬ মাৰ্চ:
বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাদুলিপাৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত বাদুলিপাৰ জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ৭ দিনীয়া বিহু আখৰাৰ আজি শুভাৰম্ভণি অনুষ্ঠান সাফল্যৰে সম্পন্ন হয়।
অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বড়াই। উদ্বোধনী অনুষ্ঠানত অভিনেত্ৰী স্নিগ্ধা গগৈ, প্ৰাক্তন ছাত্ৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক যাদৱ পূজাৰী, গোলাক বৰবৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পূৰৱী সেনাপতি, সমাজসেৱক বিপিন গগৈ, লীলা দেৱী বসুমতাৰী আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক সঞ্জীৱ গগৈ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে লতাশিল বিহু কুঁৱৰী তথা মালিগাঁও বিহু সম্ৰাজ্ঞী খ্যাত গীতামণি দত্ত, প্ৰখ্যাত বিহুৱা আৰু ঢুলীয়া দাদুল বৰাই অংশগ্ৰহণ কৰিছে। লগতে সহযোগী প্ৰশিক্ষক হিচাপে মাধুৰ্য বৰা, অলিম্পিয়া গগৈ আৰু কাব্যশ্ৰী গোহাঁইয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ আগবঢ়াই আছে।অনুষ্ঠানটি সুশৃংখলভাৱে পৰিচালনা কৰে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ হাজৰিকা আৰু সাধাৰণ সম্পাদক ঋষভ ৰোহন বড়াই।উল্লেখযোগ্য যে, কৰ্মশালাৰ প্ৰথম দিনাই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
Post a Comment